অসম

assam

ETV Bharat / state

শোণিতপুৰত লাডেনৰ সন্ত্ৰাসঃ আতংকিত ৰাইজ

ভাঙি লণ্ড-ভণ্ড কৰিলে কেবাটাও বাসগৃহ ৷ খেতিপথাৰত প্ৰৱেশ কৰি নষ্ট কৰে বহু শস্য ৷

শোণিতপুৰত লাডেনৰ সন্ত্ৰাসঃ আতংকিত ৰাইজ

By

Published : Jun 14, 2019, 3:08 PM IST

শোণিতপুৰ,14 জুনঃ ৰাজ্যত হস্তী মানৱৰ সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ দিনক দিনে বৃদ্ধি পাইছে এই সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা এটা বন্যহস্তীয়ে চাৰিদুৱাৰত আতংকৰ সৃষ্টি কৰে শুকুৰবাৰে শোণিতপুৰৰ বিভিন্ন অঞ্চলত ৷ জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ চাৰিদুৱাৰ অঞ্চলত এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰাৰ পিচত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷

শোণিতপুৰত লাডেনৰ সন্ত্ৰাসঃ আতংকিত ৰাইজ

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি 'লাডেন' নামৰ বনৰীয়া হাতীটোৰ লগতে অন্য বনৰীয়া হাতীয়ে বৃহত্তৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বনৰীয়া হাতীটোৱে বালিপৰাৰ নামঢেকেৰী গাঁৱত এটা বাসগৃহ ভঙাৰ লগতে চাৰিদুৱাৰৰ ভকতগাঁও,উলুবাৰী পথ হৈ বৃহত্তৰ অঞ্চলটোত খাদ্যৰ সন্ধানত বিচৰণ কৰি ফুৰাত গঞা ৰাইজৰ লগতে উক্ত পথচোৱাৰে অহা-যোৱা কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চৰকাৰী কৰ্মচাৰীসকল আতংকিত হয় । ইফালে ভকতগাওঁ আৰু উলুবাৰী অঞ্চলত কেইবাবিঘা খেতি পথাৰ বনৰীয়া হাতীটোয়ে গছকি নষ্ট কৰে । অৱশ্যে পাছত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত স্থানীয় ৰাইজে বনৰীয়া হাতীটোক বালিপৰা সংৰক্ষিত বনাঞ্চলৰ দিশে খেদি পঠাবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

...view details