ৰঙাপৰা, 24 জুলাই : কৰ’ণাতংক আৰু বানৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ । ৰঙাপৰাত জাক জাক বনৰীয়া হাতীয়ে অৱস্থান কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, খাদ্যৰ সন্ধানত সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা অহা বৃহৎ বন্যহস্তীৰ জাকটোৱে গাভৰু নদী পাৰ হৈ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰে ।
ইয়াৰ পাচতে স্থানীয় ৰাইজৰ সহযোগত আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে আতচবাজী আৰু শূন্যলৈ গুলি ফুটাই বনৰীয়া হাতীৰ জাকটোক পুনৰ অভয়াৰণ্যখনলৈ খেদি পঠিয়াবলৈ সক্ষম হয় । বন্যহস্তীৰ জাকটোৱে কোনো ধৰণৰ ক্ষয়-ক্ষতি নকৰাকৈয়ে উভতি যোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে বনকৰ্মী তথা অঞ্চলবাসীয়ে ।