ৰঙাপৰা, 7 জানুৱাৰী : সলনি হ'ল এটা বনৰীয়া হাতীৰ নাম । লাডেনে গোৱালপাৰাত সৃষ্টি কৰা সন্ত্ৰাসৰ দৰে ৰঙাপাৰাতো এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ নিশাৰ ভাগত সদম্ভে অকলশৰীয়াকৈ বিচৰণ কৰি জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰাত ৰঙাপৰাৰ জনসাধাৰণে হাতীটোৰ নাম ৰাখিছিল 'লাডেন' । উল্লেখ্য যে, জিলাখনৰ তেজপুৰ, ৰঙাপৰা, বালিপৰা আৰু চাৰিদুৱাৰ অঞ্চলত মানুহৰ ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে দুজনকৈ মানুহৰ প্ৰাণ লৈছিল লাডেন নামৰ এই বন্যহস্তীটোৱে । ইফালে, বিগত বৰ্ষৰ জুলাই মাহৰ পৰা লাডেনে এটাও ঘৰ বা এজন ব্যক্তিকো আক্ৰমণ কৰা নাই বুলি মত প্ৰকাশ কৰে জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে ।
ৰঙাপৰাৰ লাডেনৰ নতুন নাম 'লাচিত'
সলনি কৰা হ'ল ৰঙাপৰাবাসীয়ে নামাকৰণ কৰা বনৰীয়া হাতী 'লাডেন’ৰ নাম ৷ বিগত বৰ্ষৰ জুলাই মাহৰ পৰা লাডেনে এটাও ঘৰ বা এজন ব্যক্তিকো আক্ৰমণ কৰা নাই বুলি মত প্ৰকাশ কৰে জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে । সেয়ে ৰঙাপৰাৰ লাডেন নামৰ বন্যহস্তীটোৰ নাম সলনি কৰি জিলাখনৰ বন বিভাগে 'লাচিত' নামেৰে নামাকৰণ কৰিছে ।
শোণিতপুৰ জিলাৰ বন বিভাগে লাডেন নাম সলনি কৰি বৰ্তমান ’লাচিত’ নামেৰে নামাকৰণ কৰিছে । জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ আৰু জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে লাডেনক 'লাচিত' নামেৰে মাতিবলৈ সকলোকে আহ্বান জনায় । শান্ত হৈ পৰা বনৰীয়া হাতীটো বৰ্তমান দিনৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহে যদিও সন্ধিয়াৰ সময়ত পুনৰ বনাঞ্চলত সোমাই পৰে ৷ সেয়েহে লাডেন নামৰ বন্যহস্তীটোৰ নাম সলনি কৰি জিলাখনৰ বন বিভাগে 'লাচিত' নামেৰে নামাকৰণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে ৷
আৰু পঢ়ক : বঢ়মপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস