তেজপুৰ,১০ আগষ্ট:ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলিকৃত ভূমিত উচ্ছেদ চলাৰ পাছতে ৰাষ্ট্ৰীয় উদ্যানখনত বন্য জন্তুৰ বিচৰণ পূৰ্বতকৈ যথেষ্ট সহজ হৈছে ৷ আনকি ৰাষ্ট্ৰীয় উদ্যানখনত উচ্ছেদৰ পাছতেই বনৰীয়া হাতীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ উল্লেখযোগ্য যে, উচ্ছেদৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,বুঢ়াচাপৰি বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বন্যপ্ৰাণী যাতায়াতৰ কৰিডৰ মুকলি হৈ পৰাৰ পাছতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ বিচৰণ লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে ৷
উল্লেখযোগ্য যে,উচ্ছেদৰ পূৰ্বলৈকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতীৰ সংখ্যা আছিল আঠটা ৷ কিন্তু সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত ৩৫টা বনৰীয়া হাতী আছে ৷ এই হাতীসমূহ বুঢ়াচাপৰি,কাজিৰঙাৰ পৰা মুকলি হোৱা কৰিডৰৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সূত্ৰই ৷
ছয় আগষ্টত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেচৰকাৰী বন্যপ্ৰাণী সংস্থা ডব্লিউডব্লিউএফৰ উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনত থকা বনবিভাগৰ হাতীৰ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা শিৱিৰ অনুষ্ঠিত হয় ৷ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ হস্তী বিশেষজ্ঞ চিকিৎসক কুশল শৰ্মাই অংশ লোৱা এই শিৱিৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা বন বিভাগৰ মুঠ ৩৮টা হাতীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে ঔষধ খুউৱাৰ উপৰি বেজী দিয়া হয় ৷
পেলুকে ধৰি হাতীৰ স্বাস্থ্যজনিত অন্যান্য পৰীক্ষা কৰা এই শিৱিৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া বনকৰ্মীসকলৰ লগতে হাতীৰ মাউত, ডব্লিউডব্লিউএফৰ হিতেন বৈশ্য আৰু তেওঁৰ সহযোগীসকলৰ উপৰি প্ৰকৃতি আৰু বন্যপ্ৰাণী সুৰক্ষাৰে দীৰ্ঘকাল জড়িত থকা দিলীপ নাথো উপস্থিত আছিল ৷