ৰঙাপৰা, 20 ছেপ্টেম্বৰ :সমগ্ৰ দেশত গণেশ চতুৰ্থী পূজা চলি থকাৰ সময়তে ৰঙাপৰাত এটা বনৰীয়া হাতীয়ে কৰিছে আৰ্তনাদ । ৰঙাপৰাৰ এখন বাগাৰ বোকাৰ মাজত আঘাতপ্ৰাপ্ত হৈ পৰি আছে বনৰীয়া দঁতাল হাতীটো ৷ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ 13 নং শাখাত থকা দ-খাৱৈত পৰি গৈছিল বনৰীয়া হাতীটো ৷ আনহাতে বোকাৰ পৰা উঠিবলৈ বাৰে বাৰে চেষ্টা কৰিছে যদিও উঠিব পৰা হোৱা নাই দঁতাল হাতীটো ৷ দুদিন ধৰি দ-খাৱৈত পৰি বনৰীয়া হাতীটোৱে চটফটাই আছে ৷
ইফালে হাতীৰ মাজত হোৱা যুদ্ধ ফলত বনৰীয়া হাতীটো আঘাতপ্ৰাপ্ত হৈ বোকাত পৰি থকা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে বনৰীয়া হাতীটোক চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰিবাৰীৰ বনাঞ্চলিক বন বিভাগে ৷ ইফালে বনৰীয়া হাতীটোৰ এখন ভৰি ভাঙি যোৱা বুলি সন্দেহ কৰা হৈছে ৷ হাতীটোৰ উন্নত চিকিৎসাৰ বাবে পশু চিকিৎসকৰ দল উপস্থিত হৈছে বুলি বন বিভাগৰ বিষয়াই উল্লেখ কৰে ৷