তেজপুৰ, ১ জুন : অৱশেষত মৃত্যু হ’ল শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেলামৰা তেলীয়াগাঁৱৰ পিটনিত আৱদ্ধ হৈ থকা বনৰীয়া হাতীটোৰ (Wild elephant died at Tezpur) ৷ যোৱা ১১ দিন ধৰি পিটনিত আৱদ্ধ হৈ আছিল এই হাতীটো ৷ বহু চেষ্টা কৰিও কিন্তু বিগত ১১ দিনে হাতীটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগৰ লোকে । ফলত বন বিভাগে নদীৰ পাৰৰ পৰাই হাতীটো নিৰীক্ষণ কৰি আছিল (Wild Elephant stuck in Wetland)৷
জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা পিটনিত সোমাই বন্যহস্তীটো আৱদ্ধ হৈ থকা চাৰিদিন পিছৰে পৰা বন বিভাগৰ লোকে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি আছিল । বন বিভাগে পৰৱৰ্তী সময়ত বন্যপ্ৰাণী সংস্থা ডব্লিউ ডব্লিউ এফ (WWF) ৰ তৰফৰ পৰা চিকিৎসা প্ৰদান কৰাৰ পিছত বিশিষ্ট বন্যপ্ৰাণী চিকিৎসক পদ্মশ্ৰী ডাঃ কে কে শৰ্মাই চিকিৎসা হাতীটোক প্ৰদান কৰে ।
চিকিৎসক শৰ্মাই ইটিভি ভাৰতক জনায় যে হাতীটোৰ পিচফালৰ বাওঁ ভৰিখন ভাঙি যোৱাৰ ফলত হাতীটো পানীৰ পৰা উঠিবলৈ পৰা নাছিল ৷ আনকি হাতীটোৰ লিভাৰৰ ইনফেক্টচনো হৈছিল ৷ অৱশ্যে হাতীটোক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰা হৈছিল বুলি তেওঁ জানিব দিয়ে ।
লগতে পঢ়ক :Rhino terror at Mariani: মৰিয়নিত নলাত আবদ্ধ এশিঙীয়া গঁড়