শোণিতপুৰ, 20 ছেপ্টেম্বৰ : অৱশেষত 23 দিনৰ পাচত মৃত্যু হ’ল নলাত আৱদ্ধ হৈ থকা এটা বনৰীয়া হাতী ৷ শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অধীনৰ ৰিঙখাংপুৰৰ এটা নলাত আৱদ্ধ হৈ আছিল বনৰীয়া হাতীটো ৷ উল্লেখ্য যে, অসম অৰুণাচল সীমান্তৰ ৰিঙখাংপুৰত বিগত 29 আগষ্টত পাহাৰৰ মাজৰ এটি নলাত আৱদ্ধ হৈ থকা খবৰ লাভ কৰিছিল ৰাইজে ৷ সেই খবৰৰ ভিত্তিত স্থানীয় ৰাইজে বন বিভাগক আৱগত কৰিছিল ৷
ৰাইজৰ খবৰৰ ভিত্তিত বন বিভাগৰ দল উক্ত স্থানত উপস্থিত হৈ আঘতপ্ৰাপ্ত হাতীটোৰ চিকিৎসা প্ৰদান কৰা হৈছিল ৷ হাতীটোৰ আগ ঠেং দুখন আঘাত হোৱাৰ বাবে আৱদ্ধ হাতীটো উঠিব পৰা নাছিল বুলি প্ৰাথমিক তথ্য প্ৰকাশ কৰিছিল বন বিভাগৰ চিকিৎসকৰ দলে ৷ হাতীটোৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিল ৷ পৰিৱৰ্তে প্ৰাথমিক চিকিৎসা কৰি থকা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷