ৰঙাপৰা, 2 আগষ্ট : শোণিতপুৰৰ ৰঙাপৰাৰ পামবস্তিত বনৰীয়া হাতীৰ তাণ্ডৱ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে শনিবাৰে নিশাৰ ভাগত পামবস্তিত প্ৰৱেশ কৰে । পামবস্তিৰ স্থানীয় বাসিন্দা ৰূপা ওৰাঙ নামৰ মহিলা এগৰাকীৰ বাসগৃহটি ভাঙি পেলোৱাৰ লগতে ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে বনৰীয়া হাতীটোৱে । ইয়াৰোপৰি বনৰীয়া হাতীটোৱে বহু সময় ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে । পিচত স্থানীয় ৰাইজে কোনোমতে বনৰীয়া হাতীটোক পামবস্তিৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় হয় বুলি জানিবলৈ দিয়ে ।
পামবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ - rangapara
ৰঙাপৰাৰ পামবস্তিত বনৰীয়া হাতীৰ ত্ৰাস ৷ শনিবাৰে নিশা পামবস্তিত এটি বনৰীয়া হাতী প্ৰৱেশ কৰি ভাঙি পেলাই এটি বাসগৃহ ৷ দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীয়ে অঞ্চলটোত ত্ৰাস সৃষ্টি কৰি আহিছে যদিও বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ ৷
![পামবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ ৰঙাপৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8264184-412-8264184-1596341866726.jpg)
ৰঙাপৰাৰ পামবস্তিত বনৰীয়া হাতীৰ উপদ্ৰৱ, ভাঙি পেলালে বাসগৃহ
ৰঙাপৰাৰ পামবস্তিত বনৰীয়া হাতীৰ উপদ্ৰৱ, ভাঙি পেলালে বাসগৃহ
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও আমাৰীবাৰীৰ বন বিভাগে বনৰীয়া হাতীকেইটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাই ।
লগতে পঢ়ক :ৰাখি বন্ধন উপলক্ষে মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা