ৰঙাপৰা,26ছেপ্তেম্বৰঃ ৰাজ্যৰ পঞ্চায়তসমূহত প্ৰতিটো চৰকাৰী আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত শনিবাৰে ঢেকীয়াজুলিত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ শ্বহীদ নগৰী ঢেকীয়াজুলিস্থিত সংগঠনটোৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰশান্ত বৈশ্যই ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ লগতে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ তীব্ৰ সমালোচনা কৰে ৷ সভাপতি গৰাকীয়ে ক্ষোভ উজাৰি কয় যি সময়ত ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনে দুৰ্নীতিমুক্ত,শোষণমুক্ত,ভ্ৰষ্টাচাৰমুক্ত কৰি নিকা ভাৱে চৰকাৰ পৰিচালনা কৰাৰ কথা কৈছে,তেনে সময়ত শাসকীয় দলৰ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ বাবে এতিয়া দুৰ্নীতি নীতিত পৰিণত হৈছে ৷
ৰাজ্যৰ পঞ্চায়তসমূহত ব্য়াপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ - বৰছলা বিধানসভা সমষ্টি
যি সময়ত ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনে দুৰ্নীতিমুক্ত,শোষণমুক্ত,ভ্ৰষ্টাচাৰমুক্ত কৰি নিকা ভাৱে চৰকাৰ পৰিচালনা কৰাৰ কথা কৈছে,তেনে সময়ত শাসকীয় দলৰ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ বাবে এতিয়া দুৰ্নীতি নীতিত পৰিণত হৈছে ৷ ঢেকীয়াজুলিত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ অভিযোগ ৷

সংবাদমেলত বৈশ্যই লগতে কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি এতিয়া মাথোঁ এটা বাক্যতহে পৰিণত হৈছে ৷ দুৰ্নীতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা চৰকাৰৰ চকুৰ সন্মুখতে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতিৰ মুকলি বজাৰ খুলিছে ৷ কিন্তু তাৰপিছতো কাণসাৰ নাই চৰকাৰৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ প্ৰতিটো গাঁও পঞ্চায়তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ পিৰাকটা গাঁও পঞ্চায়তত পি এম এ ৱাই গৃহ নিৰ্মাণ আৰু নতুনকৈ হিতাধিকাৰী বাচনিত সংঘটিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় সংগঠনটোৱে ৷ আনহাতে সংবাদমেলত সভাগতিগৰাকীৰ সৈতে উপস্থিত থাকে সংগঠনটোৰ কাৰ্যকৰী সভাপতি জাহেদ আলী আৰু সংগঠনটোৰ যুটীয়া সম্পাদক মাঘুৰাম স্বৰ্গীয়াৰী ৷