অসম

assam

ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ

By

Published : Jul 30, 2019, 10:20 PM IST

ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া কাৰ্যসূচীৰে ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় ৷ মঙলবাৰে সামৰণি পৰা অনুষ্ঠানত উপস্থিত থাকে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ৰঞ্জন কলিতা, বড়ো বিভাগৰ প্ৰবক্তা প্ৰশান্ত বড়ো আৰু 1983 চনৰ মিঃ অসম পংকজ বৰা ৷

ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ

ৰঙাপৰা,30 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা দহদিনীয়া ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰৰ মঙলবাৰে সামৰণি পৰে ৷ যোৱা 21 জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত মুঠ 70 গৰাকী প্ৰশিক্ষাৰ্থীক অসম চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক পাৰ্বতী তামাং আৰু অনুপ কোঁৱৰে প্ৰশিক্ষণ প্ৰদান কৰে। জিলা শৰীৰ চৰ্চা সন্থা,ৰঙাপৰা ছাই শক্তি শৰীৰ চৰ্চা,বালিপৰা ফিজিক শৰীৰ চৰ্চাৰ সহযোগত এই দহদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল। সামৰণী অনুষ্ঠানত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড. ৰঞ্জন কলিতাই সভাপতিত্বত কৰাৰ উপৰি ৰঙাপৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ প্ৰবক্তা প্ৰশান্ত বড়োৱে অনুষ্ঠানৰ আঁত ধৰে ৷ আদৰণী ভাষনত ৰঞ্জন কলিতাই মন্তব্য কৰে যে, প্ৰশিক্ষাৰ্থী সকলক দহ দিনত প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰা হ'ল আৰু নিয়মীয়া অনুশীলনৰ জৰিয়তে তেওঁলোকে নিজকে এগৰাকী খেলুৱৈৰ পৰিচয় দিবলৈ সক্ষম হ'ব । জিলা শৰীৰ চৰ্চা সংন্থাৰ সমন্বয়ক,ৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী তথা 1983 চনৰ মিঃ অসম পংকজ বৰাই সেই সময়ৰ শোণিতপুৰ জিলাৰ শৰীৰ চৰ্চাৰ বিষয়ে উপস্থিত প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰায় ।

ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ

অনুষ্ঠানটোত জিলা শৰীৰ চৰ্চা সংস্থাৰ সভাপতি হেমন্ত লহকৰ, আন্তৰ্জাতিক বিচাৰক অনুপ কোঁৱৰ, জিলা শৰীৰ চৰ্চাৰ সম্পাদক বিবোধ ডেকা, উপ সভাপতি ড. নাৰায়ণ বৰঠাকুৰ,বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া,ৰঙাপৰা ক্ৰীড়া সংন্থাৰ সভাপতি বিৰাজ শইকীয়া, মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰনেন্দ্ৰ মোহন ডেকা উপস্থিত থাকি শৰীৰ চৰ্চা সম্পৰ্কে প্ৰশিক্ষাৰ্থী সকলক পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। তাৰোপৰি,সামৰণী অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰও প্ৰদান কৰা হয় ৷ শেষত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই পৰৱৰ্তী সময়ত 8 লাখ টকা ব্যয় সাপেক্ষে মহাবিদ্যালয়ত শৰীৰ চৰ্চাৰ সুবিধা লাভ প্ৰদান কৰিব বুলি সদৰী কৰে ৷

ABOUT THE AUTHOR

...view details