অসম

assam

By

Published : Oct 10, 2019, 10:31 PM IST

ETV Bharat / state

প্ৰাদেশীকৰণৰ পাছতো চৰকাৰী সাহায্যৰ পৰা বঞ্চিত চৰকাৰী বিদ্যালয়

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চৰকাৰী বিদ্যালয়ত শিক্ষাৰ পৰ্যাপ্ত আন্তঃগাঁথনিৰ অবিহনে অব্যাহত আছে পাঠদান ৷প্ৰাদেশীকৰণ হোৱাৰ পাছতো বিদ্যালয়খন নিয়মিতভাৱে চৰকাৰী সাহায্যৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আছে ৷

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত ৰঙাপৰাৰ চৰকাৰী বিদ্যালয়

শোণিতপুৰ,10 অক্টোবৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত হবলগীয়া আগন্তক উপ-নিৰ্বাচনৰ বাবে ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ তেনে এক সময়তে সমষ্টিটোৰ অন্তৰ্গত এখন চৰকাৰী শিক্ষানুষ্ঠানে পুনৰবাৰ উন্মোচিত কৰিলে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ সোপাঢিলা স্বৰূপ ৷ সমষ্টিটোৰ চামধৰাত 1994 চনত স্থাপিত হোৱা কাবিলাবাদ উচ্চ ইংৰাজী বিদ্যালয়খনে 2013 চনত প্ৰাদেশীকৰণ হোৱাৰ সত্ত্বেও আজি পৰ্যন্ত নিয়মীয়া চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে ৷ মাত্ৰ প্ৰথমবাৰলৈ 2016 চনত সমষ্টিটোৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈ অহা পল্লবলোচন দাসে বিদ্যালয়খনৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰ শিতানত 5 লাখ টকা অনুদান প্ৰদান কৰিছিল ৷ কিন্তু তাৰ পাছত আজি পৰ্যন্ত কোনোধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাৰ কথা ব্যক্ত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷ ইফালে বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকলে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ কথা স্বয়ং ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমক অৱগত কৰিছে ৷ তেনেস্থলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ আৰু অভিভাৱক-অভিভাৱিকা সকলে ৰাজ্যৰ শিক্ষা বিভাগৰ কৃপা দৃষ্টিলৈ বাট চোৱা পৰিলক্ষিত হৈছে ৷

আৰু পঢ়ক

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত ৰঙাপৰাৰ চৰকাৰী বিদ্যালয়

ABOUT THE AUTHOR

...view details