তেজপুৰ, ১৪ ছেপ্তেম্বৰ: তেজপুৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া জিলাখনত আৰম্ভ কৰা হৈছে । ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী অনুসৰি চলিত বৰ্ষৰ ৩১ অক্টোবৰত সংক্ষিপ্ত সংশোধনীৰ প্ৰাৰম্ভিক কাম সম্পন্ন কৰি ১ নৱেম্বৰত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ'ব ।
সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত জিলা নির্বাচনী বিষয়া তথা জিলাখনৰ উপায়ুক্ত ভূপেশ চন্দ্র দাসে এই কথা সদৰী কৰে ৷ খচৰা প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি দাখিল প্রক্রিয়াৰ বাবে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ চলিত বৰ্ষৰ ২০ ডিচেম্বৰৰ ভিতৰত সকলো দাবী, আপত্তি নিস্পত্তি কৰি ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ৷