শোণিতপুৰ, 25 এপ্ৰিলঃ তেজপুৰত মুকলি আইপিএল ক্ৰিকেট ফেন পাৰ্ক ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক ক্ৰিকেটৰ প্ৰতি আগ্ৰহী আৰু নতুন প্ৰতিভাৰ সন্ধানৰ বাবে ভিভ'য়ে মুকলি কৰে পাৰ্কখন ৷ এখন ক্ৰিকেট ষ্টেডিয়ামৰ দৰে সুন্দৰ খেল উপভোগ কৰাৰ লক্ষ্যৰে তেজপুৰত প্ৰথম বাৰৰ মুকলি কৰা হয় পাৰ্কখন ৷ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰিলে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ ক্ৰিকেট অপাৰেচনৰ সহকাৰী পৰিচালক অমিত সিদ্ধেশ্বৰে ৷ পাৰ্কখনত প্ৰায় 8 হাজাৰ দৰ্শকে একেলগে ক্ৰিকেট উপভোগ কৰিব পাৰিব বুলিও মন্তব্য কৰে পৰিচালক গৰাকীয়ে ৷ আনহাতে আগন্তুক 27 আৰু 28 এপ্ৰিলত তেজপুৰ পল ফিল্ডত তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ সহযোগিতাত এই সুবিধা দৰ্শৰক সকলক প্ৰদান কৰিব বুলিও মন্তব্য কৰে অমিত সিদ্ধেশ্বৰে ৷
তেজপুৰত মুকলি আইপিএল ভিভ' ফেন পাৰ্ক - ভিভ'
পাৰ্কখনত প্ৰায় 8 হাজাৰ দৰ্শকে একেলগে ক্ৰিকেট উপভোগ কৰিব পাৰিব বুলিও মন্তব্য কৰে পৰিচালক গৰাকীয়ে ৷ আনহাতে আগন্তুক 27 আৰু 28 এপ্ৰিলত তেজপুৰ প'ল ফিল্ডত তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ সহযোগিতাত এই সুবিধা দৰ্শকৰ সকলক প্ৰদান কৰিব বুলিও মন্তব্য কৰে অমিত সিদ্ধেশ্বৰে ৷
![তেজপুৰত মুকলি আইপিএল ভিভ' ফেন পাৰ্ক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3105616-thumbnail-3x2-tez.jpg)
তেজপুৰত মুকলি আইপিএল ভিভ' ফেন পাৰ্ক
আৰু পঢ়ক: সম্মুখ সমৰত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কিংছ ইলেভেন পাঞ্জাৱ
উল্লেখ্য যে, 27 এপ্ৰিলৰ 8 বজাৰ পৰা ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মাজত হোৱা প্ৰথম খন খেল তেজপুৰৰ ফেন পাৰ্কৰ পৰাই দৰ্শকে উপভোগ কৰিব পাৰিব । তাৰোপৰি 28 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মুঠ তিনিখন খেল উপভোগ কৰিবৰ বাবেই ভাৰতীয় ক্ৰিকেট বৰ্ডৰ লগতে অসম আৰু তেজপুৰ ক্ৰিকেট বৰ্ডে এই পদক্ষেপ গ্ৰহণ কৰে ৷
তেজপুৰত মুকলি আইপিএল ভিভ' ফেন পাৰ্ক
Last Updated : Apr 26, 2019, 9:26 AM IST