তেজপুৰ, 15 জুন : এযোৰ চশমাই চাহপাত তোলোতে দৃষ্টিশক্তিৰ তীক্ষ্ণতা বৃদ্ধি কৰি আৰু চকুৰ সমস্যা হ্ৰাস কৰি উৎপাদনশীলতা বহুখিনি উন্নত কৰিব পাৰে । চাহ বাগিচাৰ পাত তোলা এজন ব্যক্তিৰ দৃষ্টিশক্তিৰ সমস্যা থাকিলে তেওঁলোকে বিভিন্ন ধৰণৰ চাহপাত দেখাত অসুবিধা পাব পাৰে, যাৰ ফলত চাহপাত তোলোতে ভুল হ’ব পাৰে আৰু কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে ।
ভিজনস্প্ৰিং নামৰ সংস্থাটোৱে সীমান্তৱৰ্তী বজাৰত চশমাৰ ব্যৱহাৰ ত্বৰান্বিত কৰি সামাজিক উদ্যোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । ইয়াৰ লক্ষ্য হৈছে দৰিদ্ৰ লোকসকলৰ বাবে চশমাৰ যোগান ধৰি আজীৱন উপাৰ্জন, শিক্ষণ আৰু মংগল বৃদ্ধি কৰা । শেহতীয়াকৈ সংগঠনটোৱে অসম আৰু কলকাতাত দুখন বৈঠক অনুষ্ঠিত কৰে য’ত চাহ আৰু চকুৰ যত্নৰ ওপৰত সমৰ্থন দেখা গৈছিল । ভিজনস্প্ৰিঙে ১০ জুনত কলকাতাৰ টলিগুংগে ক্লাবত ‘ক্লিয়াৰ ভিজন টি গাৰ্ডেনছ: বিল্ডিং কল’বেৰেটিভ এক্সন’ শীৰ্ষক এখন বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰে ।
এই অনুষ্ঠানত চশমাৰ জৰিয়তে স্পষ্ট দৃষ্টিশক্তিয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ উৎপাদনশীলতা আৰু উপাৰ্জনৰ ক্ষেত্ৰত কিমান সুবিধাৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে গুৰুত্ব আৰোপ কৰা হয় । বৈঠকত ভাৰতক স্পষ্ট দৃষ্টিভংগীৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উপায় সম্পৰ্কে আলোচনা কৰা হয় । এই অনুষ্ঠানত চাহ খণ্ড, চৰকাৰ, কৰ্পৰেট, বেচৰকাৰী সংস্থা, সামাজিক উদ্যোগীকৰণ, পৰিয়াল ফাউণ্ডেশ্যন আৰু চকু চিকিৎসালয়ৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে ।
চাহ গৱেষণা সন্থাৰ সম্পাদক জয়দীপ ফুকনে কয় যে এতিয়া চলি থকা অসমৰ ২০০ বছৰীয়া চাহ বাগিচাৰ সকলো চাহ শ্ৰমিকক পৰীক্ষা কৰাৰ ধাৰণাটো অন্বেষণ কৰিব পৰা যাব । "চাহ শ্ৰমিকৰ কল্যাণৰ ক্ষেত্ৰত অসম চৰকাৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে", এই বিষয়ে ভাৰতীয় চাহ সন্থাৰ পি কে ভট্টাচাৰ্জীয়ে কয় যে চাহ বাগিচাত ভিজনস্প্ৰিঙে সকলো কাম-কাজত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে ।
এই অভিযান প্ৰতিষ্ঠা কৰা ড৹ জৰ্ডান কাছাল’ৰ উপস্থিতিত চলিত বৰ্ষৰ জানুৱাৰী মাহত অসমৰ গুৱাহাটীত ‘লিভলিহুডছ ইন ফ’কাছ’ আৰম্ভ কৰিছিল ভিজনস্প্ৰিঙে । কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় অহা পাঁচ বছৰত অঞ্চলটোৰ শিল্পী আৰু ক্ষুদ্ৰ উদ্যোগীসকলক চশমা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে । যোৰহাটৰ চাহ গৱেষণা সংস্থাৰ সঞ্চালক ড৹ এছ বাবুৱে ভিজনস্প্ৰিঙৰ এই পদক্ষেপক “কল্পনীয়” বুলি অভিহিত কৰাৰ লগতে স্বীকাৰ কৰে যে এতিয়াও অগ্ৰগতি বাকী আছে ।