তেজপুৰ, 26 জুলাই: মণিপুৰত পুনৰ হিংসাত্মক ঘটনা ৷ মণিপুৰৰ টেংনুপাল (Tengnoupal) জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তত অৱস্থিত মৰে চহৰত মেইটেই সম্প্ৰদায়ৰ প্ৰায় 30 টা ঘৰত অগ্নি সংযোগ অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীৰ ৷ বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ ইফালে উগ্ৰপন্থী গোটটোৰ সৈতে বিয়লিলৈকে আৰক্ষীৰ সংঘৰ্ষ হয় ৷
প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা অনুসৰি বুধবাৰে ৰাতিপুৱা প্ৰায় 9.30 বজাত বৰ্ধিত উত্তেজনাৰ মাজতে ভাৰত-ম্যানমাৰ সীমান্তৰ চহৰতখনত এটা বৃহৎ অস্ত্ৰধাৰী লোকৰ দল উপস্থিত হৈ মেইটেই সম্প্ৰদায়ৰ গৃহসমূহত অগ্নি সংযোগ কৰা আৰম্ভ কৰে ৷ অস্ত্ৰধাৰী দলটোৱে প্ৰায় 30 টা ঘৰত অগ্নি সংযোগ কৰে ৷ ইয়াৰ ভিতৰত আছিল 3 তাৰকাযুক্ত ইলোৰা নামৰ এখন হোটেলৰ লগতে আন পাঁচখন হোটেল ৷
ইয়াৰোপৰি বন বিভাগৰ কাৰ্যালয়কে ধৰি চৰকাৰীও সম্পত্তিও ধ্বংস কৰা হয় ৷ কেন্দ্ৰীয় বাহিনীৰ বৃহৎ দল আৰু অসম ৰাইফলছৰ উপস্থিতিৰ পাচতো এই ঘটনা সংঘটিত হোৱা দাবী কৰিছে এক সূত্ৰই ৷