তেজপুৰ,১০ ফেব্ৰুৱাৰী: উত্তৰ অসমক সংলগ্ন কৰা শোণিতপুৰ আৰু নগাওঁ জিলাৰ মাজত স্থল পথ যোগাযোগৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা দ্বিতীয়খন দলং কলিয়াভোমোৰা । কিন্তু এই দলঙখন এতিয়া নিৰাপত্তা হীনতাত । অন্ধকাৰচন্ন দলঙখনৰ দুয়োমূৰে থকা নিৰাপত্তাৰক্ষীৰ গৃহৰ লগতে সমগ্ৰ দলঙখনতে নাই কোনো পোহৰৰ ব্যৱস্থা ৷ তাৰোপৰি দলঙৰ মাজত নাই কোনো নিৰাপত্তাৰক্ষী । ১৯৮১ চনত স্থলপথৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ অধীনত ভাৰত চৰকাৰে এই দলঙৰ নিৰ্মাণ আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত সুদীৰ্ঘ ৭ বছৰত ১৯৮৭ চনৰ ১৪ এপ্ৰিল তাৰিখে অৰ্থাৎ বহাগ বিহুৰ উপহাৰ হিচাবে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শুভ উদ্বোধন কৰা এই দলঙখনৰ মাজত নাই কোনো পোহৰৰ ব্যৱস্থা । নিয়ন লাইটৰ পোষ্টসমূহ আছে কিন্তু পোহৰ নাই । সুৰক্ষা ব্যৱস্থাৰ ঘৰ সমূহ জৰাজীৰ্ণ হৈ আছে যদিও সুৰক্ষা প্ৰদানৰ বাবে কোনো লোক নাই দলঙখনত ।
নিশা হ'লেই অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলং - স্থলপথৰ যোগাযোগ ব্যৱস্থা সুদৃঢ়
১৯৮১ চনত স্থলপথৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ অধীনত ভাৰত চৰকাৰে কলিয়াভোমোৰা দলং নিৰ্মাণ আৰম্ভ কৰিছিল । পৰবৰ্তী সময়ত সুদীৰ্ঘ ৭ বছৰত ১৯৮৭ চনৰ ১৪ এপ্ৰিল তাৰিখে অৰ্থাৎ বহাগ বিহুৰ উপহাৰ হিচাবে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শুভ উদ্বোধন কৰা এই দলঙখনৰ মাজত নাই কোনো পোহৰৰ ব্যৱস্থা ।
অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলঙ
প্ৰায় ৩.০৫ কিলোমিটাৰ দৈঘৰ এই দলঙৰ মাজত পূৰ্বে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ কাষতে নিৰ্মাণ চলি আছে দ্বিতীয় খন বৃহৎ দলং ৷ গেমন ইণ্ডিয়া কোম্পানীৰ অধীনত নিৰ্মাণ চলি থকা এই দলঙৰ ২০২১ ত সমাপ্তি হ'ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে । কিন্ত এই দলঙৰ ওপৰৰ পৰা পোহৰৰ উৎস প্ৰদান নকৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । অসম চৰকাৰে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক কি নিৰ্দেশনা দিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
TAGGED:
Koliya Bhumur Bridge