অসম

assam

By

Published : Aug 18, 2022, 7:21 PM IST

ETV Bharat / state

অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সেনাৰ যুদ্ধকালীন নিৰ্মাণ প্ৰস্তুতি

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, সীমান্তত নিৰ্মাণকাৰ্যৰ বাবে অত্যধিক সামগ্ৰী দৈনিক আকাশী পথেৰে সৰবৰাহ কৰা হৈছে আনিনি হেলিপেডলৈ । ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক চিনুক (Chinok helicopter) হেলিকপ্টাৰ দ্বাৰা নিৰ্মাণ সামগ্ৰী আৰু সেনাৰ অত্যাধুনিক ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰবোৰ দেখিবলৈ পোৱা বুলি দাবী কৰে স্থানীয় সূত্ৰই ।

Tezpur
Tezpur

তেজপুৰ, ১৮ আগষ্ট :অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ ভাৰত-চীন সীমান্তত আনিনিৰ (India China border in Arunachal Pradesh Anini) উত্তৰ দিশে যোৱা কিছুদিন ধৰি সেনাৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে (urgency of Indian Army in India China border) ।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, সীমান্তত নিৰ্মাণকাৰ্যৰ বাবে অত্যধিক সামগ্ৰী দৈনিক আকাশী পথেৰে সৰবৰাহ কৰা হৈছে আনিনি হেলিপেডলৈ । ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক চিনুক (Chinok helicopter) হেলিকপ্টাৰ দ্বাৰা নিৰ্মাণ সামগ্ৰী আৰু সেনাৰ অত্যাধুনিক ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰবোৰ দেখিবলৈ পোৱা বুলি দাবী কৰে স্থানীয় সূত্ৰই ।

অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সেনাৰ যুদ্ধকালীন নিৰ্মাণ প্ৰস্তুতি

আনহাতে, আজি পুনৰ বায়ুসেনাৰ MI 17 হেলিকপ্টাৰ কেইবাবাৰো অৱতৰণ কৰা দেখিবলৈ পোৱা যায় । এই বিষয়ে তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই (Tezpur Defence Department Spokesperson Lt Col AS Walia) এই বিষয়টোত নতুনত্ব নাই বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে ই এক দৈনন্দিন কাৰ্যসূচীৰ অন্তৰ্গত এক বিশেষ কাৰ্য মাত্ৰ বুলিও জানিবলৈ দিয়ে । উল্লেখ্য, বিগত সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহৰ কেইবা ঠাইতো যোগাযোগ ব্যৱস্থা ব্যাহত হৈছিল । খৰতকীয়াকৈ মাত্ৰ যাতায়াতৰ বাবে কিছু পথৰ পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে যদিও সেয়া সম্পূৰ্ণৰূপে হৈ উঠা নাছিল ।

অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সেনাৰ যুদ্ধকালীন নিৰ্মাণ প্ৰস্তুতি

মন কৰিবলগীয়া যে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সীমান্তৰ অনুশীলনে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে (practice of borders played special role in international context) । কাৰণ সীমান্তত চুবুৰীয়া ৰাষ্ট্ৰ চীনে বহুতো উন্নত প্ৰযুক্তিৰ সহায়ত যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাৰ সময়তে ভাৰতেও যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । লগতে সেনাৰ মোতায়েন পূৰ্বতকৈ অধিক মাত্ৰাত কৰা দেখিবলৈ পোৱা গৈছে (China On border eased communication with advanced technologies) ।

যাৰ বাবে এতিয়া দৈনিক যেন এক নতুন আখৰাহে চলিছে সেয়া অনুভৱ হৈছে । দৰাচলতে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ ভিতৰত সেনাৰ নতুন দলসমূহে সীমান্তৰ চকীসমূহলৈ যোৱা আৰম্ভ কৰে । গ্ৰীষ্মকালীন সময়ৰ পাছত এই সেনাৰ নতুন বাহিনীৰ সালসলনিৰ এক নিয়ম আছে । কিন্তু স্থলসেনাৰ লগতে বায়ুসেনাৰ এই কুচকাৱাজ এক লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :গুৱাহাটী স্মাৰ্ট চিটী প্রকল্পত বৃহৎ কেংলেকাৰীৰ অভিযোগ AAPৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details