ৰঙাপৰা,24 এপ্ৰিল: শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । যিকোনো মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ শ্বপিং চেণ্টাৰ বা যিকোনো ব্যৱসায়ী প্ৰতিষ্ঠান আদি গঢ় উঠা সাধাৰণতে পৰিলক্ষিত নহয় । কিন্তু ক'ভিড ১৯ ৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙাপৰা মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়ৰ চৌহদত শেহতীয়াকৈ কলেজ মাৰ্ট নামেৰে এক বাণিজ্যিক প্ৰতিষ্ঠান স্থাপন কৰিছে ।
উল্লেখ্য যে, বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যখনতে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । চহৰ বা নগৰত থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহত ৰাইজক ভীৰ হ্ৰাস কৰিবলৈ চৰকাৰে আহ্বান জনাইছে । সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে দোকান-পোহাৰ বন্ধ কৰি কৰ’ণা সংক্ৰমণ প্ৰতিৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।