তেজপুৰ, ২২ ছেপ্টেম্বৰ : কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট বুধবাৰে টাৱাং ভ্ৰমণ কৰে আৰু টাৱাং যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ বিজয় মাছাল/বিজয় শিখা গ্ৰহণ কৰে লগতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ভ্ৰমণ কালতে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে সেনাৰ জোৱান সকলক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাগ লোৱাৰ বাবে সাহস গোটাবলৈ পৰামৰ্শ দিয়ে ৷
তেওঁ কয়, কোনো চিৰদিনৰ বাবে নাথাকে কিন্তু থকা দিন কেইটাত ভাল কাম কৰি নাম ৰাখিব লাগে ৷ যাৰ বাবে এই টাৱাং যুদ্ধ স্মাৰকত সেই বীৰ যোদ্ধা সকলক গৌৰৱৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ বুলি তেওঁ কয় । ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীয়ে ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যশৱন্ত গড়ৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে বুমলা আৰু সীমান্তৱৰ্তী অঞ্চলত ভ্ৰমণ কৰাৰ পিছত সেনাৰ জোৱান আৰু বিষয়া সকলৰ মাজত বাৰ্তালাপত ভাগ লয় ।