অসম

assam

ETV Bharat / state

Assam flood problems: বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে অসমৰ পৰা দাবী লাভ কৰা নাই কেন্দ্ৰই

কেন্দ্ৰীয় চৰকাৰে অসমৰ গৰাখহনীয়া আৰু বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে অসমৰ পৰা চৰকাৰ কিম্বা দল সংগঠনৰ পৰা কোনো আবেদন বা দাবী লাভ কৰা নাই (Bishweswar Tudu comments on Assam flood problems) ৷

By

Published : Apr 26, 2023, 10:30 PM IST

Bishweswar Tudu
তেজপুৰত বিশ্বেশ্বৰ টুডু

তেজপুৰত বিশ্বেশ্বৰ টুডু

তেজপুৰ, ২৬ এপ্ৰিল :অৰুণাচল প্ৰদেশৰ নামনি ডিবাং ভেলিত বৃহৎ নদী বান্ধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই সম্পৰ্কত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ৷ এই মন্তব্য কেন্দ্ৰীয় জলশক্তি আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিশ্বেশ্বৰ টুডুৰ ৷ ইতিমধ্যে কেন্দ্ৰই প্ৰায় ৩১ হেজাৰ ৮৭৬ কোটি টকা ব্যয়ৰে প্ৰায় ২৮৮০ মেগাৱট বিদ্যুৎ উৎপাদনৰ বাবে এই প্ৰকল্পৰ প্ৰস্তাৱ লোৱাৰ পিচত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই বক্তব্যই তাৎপৰ্য বহন কৰিছে ৷

তেজপুৰ স্থিত উত্তৰ-পূৱ জল আৰু ভূমি ব্যৱস্থাপনা কেন্দ্ৰ ( NERIWLAM) ত আজি উপস্থিত হৈ নৱ নিৰ্মিত লেবৰেটৰী গৃহ মুকলি কৰি বিষয়া সকলৰ লগত এক পৰ্যালোচনা বৈঠকত মিলিত হয় কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীগৰাকী । কেইবাটাও বিষয়ত বিভাগীয় আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ তেওঁ কয় যে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমৰ গড়াখহনীয়া আৰু বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে অসমৰ পৰা চৰকাৰ কিম্বা দল সংগঠনৰ পৰা কোনো আবেদন বা দাবী লাভ কৰা নাই (Assam flood problems) ৷

সমান্তৰালকৈ তেওঁ কয়, অসমৰ গৰাখহনীয়া সমস্যাৰ বিষয়ে ৰাজ্য চৰকাৰৰ পৰা কোনো প্ৰস্তাৱ পোৱা নাই কেন্দ্ৰই ৷ ৰাজ্য চৰকাৰৰ পৰা প্ৰস্তাৱ নাপালে কেন্দ্ৰই কোনো আঁচনি জাপি দিব নোৱাৰে বুলি উল্লেখ কৰি সাংবাদিক সকলে এই বিষয়টো তেওঁৰ দৃষ্টি গোচৰ কৰোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে (Bishweswar Tudu comments on Assam flood problems) ৷

আনহাতে, অসমত জলসিঞ্চন ব্যৱস্থা উন্নত নোহোৱাৰ বাবেই বহুসময়ত কৃষকে মাত্ৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বছৰত এবাৰহে এডোখৰ ভূমিত খেতি কৰিব পাৰে ৷ বহিঃৰাজ্যত উন্নত জলসিঞ্চন ব্যৱস্থাৰে কৃষক সকলে বছৰত দুই তিনিবাৰকৈ খেতি কৰে ৷ এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয়, অসমৰ জলসিঞ্চন ব্যৱস্থা উন্নীতকৰণৰ বাবে কেন্দ্ৰলৈ আজিলৈকে ৰাজ্য চৰকাৰে কোনো প্ৰস্তাৱেই প্ৰেৰণ কৰা নাই ৷

এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ সৈতে তেওঁ আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে তেওঁ ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে সেই ৰাজ্যত নদীৰ পৰা উৎপাদন হ’ব লগা বিদ্যুত সম্পৰ্কত যোৱা দুটা দিন কেন্দ্ৰীয় মন্ত্ৰীজনে আলোচনা কৰি এই বিদ্যুত উৎপাদনৰ বাবে কেন্দ্ৰই সকলো সাহাৰ্য আগবঢ়াব বুলিও জনায় সংবাদ মাধ্যমক (Union Jalsakti Minister Bishweswar Tudu) ৷

লগতে পঢ়ক :BJP filed FIR: গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছী নেতা ৰাণা গোস্বামী ?

ABOUT THE AUTHOR

...view details