অসম

assam

By

Published : May 18, 2019, 10:46 PM IST

ETV Bharat / state

গেলা পিয়াঁজে গেলাইছে ঠেলামৰাৰ পৰিৱেশ

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে AS-16C 6352 নম্বৰৰ ট্ৰাকসহ চালকজনক । চালকজনে ৰঙাপৰাৰ গুদামৰ পৰা পিয়াঁজখিনি অনা বুলি প্ৰকাশ কৰে । ট্ৰাক চালকৰ এনে কাণ্ডৰ ফলতেই দুৰ্গন্ধ বিয়পি পৰি অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলটোত।

ONIONS

ঢেকীয়াজুলি , 18 মে' : গেলা পিয়াঁজেৰে ভৰি পৰিছে ঢেকীয়াজুলিৰ ঠেলামৰা অঞ্চল । স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি ৰঙাপাৰাৰ পৰা বস্তাই বস্তাই গেলা পিয়াঁজ ট্ৰাকত আনি পেলোৱা হৈছে ঠেলামৰাৰ ৰাজপথৰ কাষত । স্থানীয় সচেতন মহলে বাধা দিয়াৰ পাছতো প্ৰায়েই ট্ৰাক এখনে বিষাক্ত খাদ্য বস্তু এই অঞ্চলত পেলাই আহিছে। ঠেলামৰাৰ ৰুশুনিবিল অঞ্চলৰ ৰাজপথৰ কাষত নষ্ট হোৱা পিয়াঁজ পেলোৱাৰ ফলত দুৰ্গন্ধৰে ভৰি পৰিছে অঞ্চলটো ৷ আনহাতে স্থানীয় কিছু লোকে ব্যস্ত হৈ পৰিছে নষ্ট হোৱা পিয়াঁজ বুটলাত । দুর্গন্ধত ভোগাৰ লগতে এনে বিষাক্ত পিয়াজ খোৱাৰ পাচত জনস্বাস্থ্যই কি ৰূপ লয় তাকে লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন লোকসকল ৷

ঠেলামৰাত ৰাজপথত অস্বাস্থ্যকৰ পৰিবেশ
ইপিনে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে AS-16C 6352 নম্বৰৰ ট্ৰাকসহ চালকজনক । চালকজনে ৰঙাপৰাৰ গুদামৰ পৰা পিয়াঁজখিনি অনা বুলি প্ৰকাশ কৰে । ট্ৰাক চালকৰ এনে কাণ্ডৰ ফলতেই দুৰ্গন্ধ বিয়পি পৰি অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলটোত।

ABOUT THE AUTHOR

...view details