অসম

assam

ETV Bharat / state

Lower Subanshiri big dam: ৰাইজে বিচাৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দায়িত্ব ল’ব আলফা (স্বা) ই - সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত আলফা (স্বাধীন) ৰ বিবৃতি ৷ চৰ্ত সাপেক্ষে, অসমৰ ৰাইজে বিচাৰিলে নদীবান্ধ বন্ধ কৰাৰ দায়িত্ব সংগঠনটোৱে ল’ব বুলি উল্লেখ কৰে বিবৃতিত ৷

Lower Subanshiri big dam
আলফা (স্বাধীন) ৰ প্ৰেছ বিবৃত্তি

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 9:47 PM IST

তেজপুৰ, 30 অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা (স্বাধীনৰ) জনসাধাৰণৰ বাবে তিনিটা বিশেষ প্ৰস্তাৱ ৷ সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই প্ৰস্তাৱৰ বিষয়ে অৱগত কৰিছে সংগঠনটোৱে ৷

তেওঁলোকে জনাইছে যে বিগত সময়চোৱাত অসমৰ বিভিন্ন দল-সংগঠনে এই বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি আহিছিল যদিও একাংশ ৰাজনৈতিক নেতা, বুদ্ধিজীৱী, দল-সংগঠনৰ স্বাৰ্থপৰায়ণতাৰ বাবে চৰকাৰ তথা এন এইছ পি চি য়ে জনসাধাৰণৰ কোনো মতামতক ভ্ৰূক্ষেপ নকৰি বান্ধৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰিলে ৷ ফলস্বৰূপে এই প্ৰকল্পই নামনি অংশৰ লোকৰ বাবে ভয়াবহ বিপদ কঢ়িয়াই আনিছে আৰু সোৱণশিৰি নদী শুকাই যোৱাৰ উপক্ৰম হৈছে ৷

আলফা স্বাধীনে উল্লেখ কৰিছে যে নদী বান্ধৰ বিৰোধিতা কৰি অসমৰ একাংশ দল-সংগঠনে স্বাৰ্থপৰ ভূমিকা পালন কৰিলে ৷ বৰ্তমান অসমৰ একাংশ সচেতন ৰাইজে এই বিষয়ে মাত মাতিবলৈ অলফা (স্বাধীন) ক গোহাৰি জনোৱা চকুত পৰিছে বুলি বিবৃতিত উল্লেখ কৰিছে সংগঠনটোৱে ৷ বিবৃতিত তেওঁলোকে উল্লেখ কৰিছে যে, যদি অসমৰ ৰাইজে নদীবান্ধ নিবিচাৰে আৰু এই নদীবান্ধ প্ৰতিৰোধৰ বাবে আলফা (স্বাধীন) ৰ হস্তক্ষেপ বিচাৰে তেতিয়া নদীবান্ধ বিৰোধী প্ৰতিটো দল-সংগঠনৰ তৰফৰ পৰা তিনিটা চৰ্ত সাপেক্ষে সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ প্ৰতিৰোধৰ বাবে আলফা স্বাধীনক লিখিত আবেদন, প্ৰতিশ্ৰুতি আৰু কৰ্তৃত্ব প্ৰদান কৰে তেতিয়া সংগঠনটোৱে যিকোনো মূল্যৰ বিনিময়ত এই বান্ধ নিৰ্মাণ বন্ধ কৰি দিবলৈ কাৰ্যকৰী ব্যৱস্থা হাতত ল’ব ৷ এইক্ষেত্ৰত নদীবান্ধ বিৰোধী দল-সংগঠনে তিনিটা চৰ্ত মানিব লাগিব বুলি উল্লেখ কৰে সংগঠনটোৱে ৷

প্ৰথম নামনি সোৱণশিৰিৰ বৃহৎ নদী বান্ধ বিৰোধী দল-সংগঠন আৰু নৈপৰীয়া ৰাইজে আলফা (স্বাধীন)ক লিখিতভাৱে সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিব লাগিব ৷ দ্বিতীয়তে এই নদী বান্ধ বন্ধ কৰিবলৈ আলফা স্বাধীনে লোৱা যি কোনো পদক্ষেপক কোনো দল-সংগঠনে বা ৰাইজে হস্তক্ষেপ কৰিব নোৱাৰিব ৷ তৃতীয়তে আলফা (স্বাধীন) এ নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত ধেমাজি আৰু লখিমপুৰ জিলাত কোনো দল-সংগঠনে ধৰ্ণা, প্ৰতিবাদ, বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে ৷

ইয়াৰ কাৰণ অসম আন্দোলনৰ সময়ৰ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনলৈকে আলফা (স্বাধীন) এ একাংশ দল-সংগঠনৰ নেতাৰ আপোচকামী চৰিত্ৰ প্ৰত্যক্ষ কৰিছে যাৰ ফলত স্বৰূপে অসমৰ ৰাইজে আজিলৈকে কোনো এটা আন্দোলনত সফল হব পৰা নাই বুলি উল্লেখ কৰে বিবৃতিত ৷

আনহাতে দ্বিতীয় প্ৰস্তাৱ মতে যদি থলগিৰী ৰাইজে বৃহৎ নদীবান্ধ বিচাৰে তেন্তে এন এইছ পি চি তথা চৰকাৰক কিছু চৰ্ত মানি চলোৱাবলৈ বাধ্য কৰিব লাগিব বুলি উল্লেখ কৰে ৷ এই চৰ্তত সংগঠনটোৱে উল্লেখ কৰিছে যে, বৃহৎ নদীবান্ধৰ লগতে নৈখনৰ নামনি অংশ সুৰক্ষিত হ’ব নে নাই সেয়া বিদেশৰ বিশেষজ্ঞৰ দ্বাৰা নিৰীক্ষণ কৰি সুনিশ্চিত কৰা ৷ দ্বিতীয়তে প্ৰকল্পটোত উৎপন্ন হোৱা 100 শতাংশ বিদ্যুৎ অসমৰ ৰাইজে উপভোগ কৰাৰ সুবিধা নিশ্চিত কৰা ৷ লগতে প্ৰকল্পটোত থলুৱা যুৱকৰ নিযুক্তি সুনিশ্চিত কৰা ৷ তৃতীয়তে তেওঁলোকে উল্লেখ কৰিছে যে, বান্ধটোত ভৱিষ্যতে দুৰ্ঘটনা সংঘটিত হ’লে যদি ধন, সা-সম্পত্তিৰ ক্ষতি হয় তেন্তে ক্ষতিগ্ৰস্তক সম্পূৰ্ণ ক্ষতিপূৰণৰ লগতে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা ৷

লগতে পঢ়ক :30th October Serial Blast : অভিশপ্ত 30 অক্টোবৰ : ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details