তেজপুৰ, ৬ অক্টোবৰ:যোৱা ৪ অক্টোবৰত অৰুণাচল প্ৰদেশৰ চাংলাঙত সংঘটিত কূটাঘাতৰ দায়িত্ব স্বীকাৰ কৰিলে আলফা স্বাধীনে। NSCN, GPRN, আলফা স্বাধীন আৰু PF(PLA)ই একেলগে আক্ৰমণ কৰিছিল ১৯ নং আছাম ৰাইফলছৰ ওপৰত। আক্ৰমণত এজন সেনা জোৱান শ্বহীদ হৈছে আৰু আন এজন গুৰুতৰভাৱে আহত হয় বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে, ৪দিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ ৩ খন জিলাৰ অন্তৰ্গত ৪ খন আৰক্ষী চকীৰ অধীনৰ অঞ্চলত AFSPA বলৱৎ কৰে। অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিঙক কেন্দ্ৰীয় চৰকাৰে অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰি ২০২১ চনৰ ৩১ মাৰ্চলৈ AFSPA বলৱৎ কৰে।
চাংলাঙৰ এম্বুছৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ - NSCN
অৰুণাচল প্ৰদেশৰ চাংলাঙত সংঘটিত কূটাঘাতৰ দায়িত্ব স্বীকাৰ কৰিলে আলফা স্বাধীনে। এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে সম্পাদক কেপ্তেইন দ্বীপ অসমে।
যোৱা ১ অক্টোবৰ পৰা AFSPA বলৱত্ হোৱা এই জিলাকেইখনৰ অধীনত ৪ খন আৰক্ষী থানা সামৰি লোৱা হৈছে আৰু ই অসমৰ সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল। আনহাতে, অৰুণাচল প্ৰদেশৰ এই ৩ খন প্ৰধান জিলাত NSCN(k) আৰু NSCN(IM)ৰ তৎপৰতা অধিক। ২ মাহ পূৰ্বে লংডিং অঞ্চলত সেনাবাহিনীৰ সৈতে NSCNৰ গুলীয়াগুলি সংঘটিত হৈছিল। ফলত অৰুণাচল প্ৰদেশৰ কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তাৰ পিছত এইটো দ্বিতীয়টো ঘটনা সংঘটিত হয় ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত।
লগতে পঢ়ক :SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ