অসম

assam

নাগালেণ্ডত আলফা (স্বা)ৰ সদস্যৰ আত্মসমৰ্পন

By

Published : May 10, 2021, 1:55 PM IST

সোমবাৰে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ টুৱেনচাং জিলাত আলফা (স্বা) ৰ সক্ৰিয় কেডাৰৰ আত্মসমৰ্পন ।

ULFA (I) CADRE surrendered
নাগালেণ্ডত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন

তেজপুৰ, ১০ মে': নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ টুৱেনচাং জিলাত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন । সোমবাৰে নিৰাপত্তা বাহিনীৰ স্পিয়েৰ কৰ্পৰ ওচৰত আত্মসমৰ্পন কৰে কেডাৰজনে । আত্মসমৰ্পন কৰি অ'এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া আলফা (স্বা) ৰ সৈতে আছে বুলি বিস্ফোৰক মন্তব্য কৰে কেডাৰ জনে ।

আলফা সদস্য গৰাকীয়ে ম্যানমাৰৰ পৰা উভতি আহি মন জিলাৰ ইণ্ডো ম্যানমাৰ সীমান্তত আত্মসমৰ্পন কৰে । স্পিয়েৰ কৰ্পৰ অধীনত আইজিএআৰ (উত্তৰ)ৰ টুয়েনচাং বেটেলিয়নৰ যুটীয়া প্ৰচেষ্টাই বিদ্ৰোহী কেডাৰসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ দিশত আন এক বৃহৎ সফলতা লাভ কৰে । কেডাৰজনৰ এই আত্মসমৰ্পণে অঞ্চলটোৰ আন কেডাৰসকলক মূলসুঁতিলৈ ঘূৰি আহিবলৈ অনুপ্ৰাণিত কৰিব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: ধুবুৰীত কৰ'ণাত আক্ৰান্তৰ সংখ্য ১,০২৯ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details