অসম

assam

By

Published : Nov 20, 2020, 6:08 PM IST

ETV Bharat / state

আলফা (স্বা) ৰ ছেকেণ্ড লেঃ প্ৰান্তিক অসমক আটক

দুৰ্ধস আলফা (স্বা) ৰ সদস্য প্ৰান্তিক অসমক আটক । এক যুটীয়া অভিযানত সেনাৰ স্পেয়াৰ কৰ্পছ আৰু আৰক্ষী দলে তিনিচুকীয়া জিলাৰ অন্তৰ্গত পেঙেৰীৰ পৰা আটক কৰে আলফা(স্বা)ৰ সদস্য গৰাকীক ৷

ulfa(i) cadre prantic axom arrested
ulfa(i) cadre prantic axom arrested

তেজপুৰ,২০ নৱেম্বৰ : সশস্ত্ৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ত পুনৰ এক মোক্ষম আঘাত । এক যুটীয়া অভিযানত সেনাৰ স্পেয়াৰ কৰ্পছ আৰু আৰক্ষী দলে তিনিচুকীয়া জিলাৰ অন্তৰ্গত পেঙেৰীত এজন আলফা (স্বাধীন)ৰ এজন দুৰ্ধৰ্ষ সদস্যক আটক কৰে ৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জনাইছে এই তথ্য ।

আলফাৰ সদস্য গৰাকী ছেকেণ্ড লেঃ প্ৰান্তিক অসম বুলি চিনাক্ত কৰা হৈছে । তেওঁৰ পৰা এটা পইন্ট ৩২ পিস্তল, এটা মেগাজিন আৰু ৯ ৰাউণ্ড সাজীৱ গুলি উদ্ধাৰ কৰে ।

ছেকেণ্ড লেঃ প্ৰান্তিক অসম

উল্লেখযোগ্য যে প্ৰান্তিক অসম আলফা (স্বাধীন)ৰ শীৰ্ষ নেতা অৰুণোদয় অসমৰ অতি ঘনিষ্ঠ । তেওঁ ম্যানমাৰৰ আলফাৰ শিবিৰৰ আইন আৰু প্ৰশাসনিক বিভাগৰ দায়িত্বত আছিল বুলি সেনাৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :নলবাৰীৰ অমিয়াপুৰত বেংক ডকাইতিৰ ঘটনা

ABOUT THE AUTHOR

...view details