অসম

assam

ETV Bharat / state

Udyam 2023 : তেজপুৰত উদ্যম ২০২৩ উদ্বোধন সাংসদ পল্লৱ লোচন দাসৰ - Tezpur MP Pallab Lochan Das

তেজপুৰত ‘উদ্যম ২০২৩’ উদ্বোধন সাংসদ পল্লৱ লোচন দাসৰ (Udyam 2023 inaugurated) । সোমবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কাৰ্যসূচীৰ আয়োজক অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ ।

Udyam 2023 inaugurated
Udyam 2023 inaugurated

By

Published : Feb 20, 2023, 9:55 PM IST

তেজপুৰ, ২০ ফেব্ৰুৱাৰী :সোমবাৰে তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ (Industry Commerce and Public Industries Department) উদ্যোগত তেজপুৰৰ চাৰ্চ ফিল্ডত অনুষ্ঠিত ‘উদ্যম ২০২৩’-ৰ শুভাৰম্ভণি কৰে (MP Pallab Lochan Das inaugurated Udyam 2023) ৷ উল্লেখ্য যে, ৰাজ্যৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক অধিক আগুৱাই নিয়াৰ লগতে এই খণ্ডই সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লক্ষ্যৰে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে ৰাজ্যৰ প্ৰতিটো সংসদীয় সমষ্টি সামৰি ‘উদ্যম ২০২৩’ শীৰ্ষক এই এম এছ এম ই কনক্লেভ (MSME conclave) আয়োজন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে (Udyam 2023 at Tezpur) ৷

উদ্যম ২০২৩ উদ্বোধন সাংসদ পল্লৱলোচন দাসৰ

সোমবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ লগতে বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ ১০০-তকৈও অধিক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী আৰু বিভিন্ন বিষয় যেনে মৌপালন আৰু মৌ প্ৰক্ৰিয়াকৰণ, জেম পৰ্টেল, শোণিতপুৰত কৃষি পৰ্যটনৰ সম্ভাৱনা, গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগৰ বিপণন কৌশল, এড়ী-পালন ভিত্তিক উদ্ভাৱনীমূলক উদ্যোগীকৰণৰ সম্ভাৱনা আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা-চক্ৰ, প্ৰশিক্ষণ আৰু কৰ্মশালা আদি আয়োজন কৰা হৈছে (Tezpur MP Pallab Lochan Das) ।

উদ্যমীৰ সৈতে বাৰ্তালাপ সাংসদ পল্লৱলোচনৰ

সোমবাৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ পল্লৱলোচন দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনায় ৷ সাংসদগৰাকীয়ে লগতে এনে ধৰণৰ কাৰ্যসূচীয়ে ইচ্ছুক যুৱক-যুৱতীসকলৰ মাজত ঔদ্যোগীকৰণৰ মানসিকতা সৃষ্টি কৰাত সহায় কৰিব বুলি উল্লেখ কৰি ইয়াৰ ফলত ৰাজ্যত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ উপৰি অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি মত প্ৰকাশ কৰে ।

শিপিনীৰ সৈতে মত বিনিময়

অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন, উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক তপন ডেকা, বিশিষ্ট সমাজকৰ্মী বতাশ ওৰাঙো উপস্থিত থাকে । তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণ প্ৰদান কৰা সভাত আদৰণী ভাষণ প্ৰদান কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে ।

হস্তশিল্প প্ৰদৰ্শনীত সাংসদ পল্লৱলোচন দাস

সভাৰ অন্তত উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক তপন ডেকাই শলাগৰ শৰাই আগবঢ়ায় । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দুগৰাকী উদ্যমী যুৱক দেহেশ্বৰ বসুমতাৰী আৰু মিণ্টু বৰাক শোণিতপুৰ জিলাৰ লীড বেংক, ইউক’ বেংকৰ উদ্যোগত গাহৰি পালন আৰু দুগ্ধপাম স্থাপন কৰিবলৈ ক্ৰমে ৫০ লাখ আৰু ৩০ লাখ টকাৰ ঋণৰ চেক বিতৰণ কৰা হয় ।

লগতে পঢ়ক :Child marriage case : বাল্যবিবাহৰ সৰ্বাধিক গোচৰ ৰুজু হোৱা ৰাজ্যৰ ভিতৰত আছে অসম

ABOUT THE AUTHOR

...view details