তেজপুৰত ইউকো বেংকৰ পৰ্যালোচনা সভাৰ সামৰণি - ইউ কো বেংক যোৰহাট
ইউকো জনেল কাৰ্যালয় যোৰহাটৰ অধীনত তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাৰ সামৰণি,কেন্দ্ৰীয় পৰ্যায়ৰ বৈঠক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত নতুন দিল্লীত অনুষ্ঠিত হ'ব ৷

তেজপুৰ, 19 আগষ্টঃ ইউকো জনেল কাৰ্যালয় যোৰহাটৰ অধীনত তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাৰ দেওবাৰে সামৰণি পৰে ৷ অসমৰ মুঠ 60 টা শাখাৰ শাখা প্ৰৱন্ধকৰ লগতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড সংযুক্ত 8 টা শাখাৰ প্ৰৱন্ধকে এই পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে ৷ সভাত বিভিন্ন জিলাৰ শাখা সমূহে জনসাধাৰণৰ মাজত আঁচনি সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক সুকীয়া পদক্ষেপ গ্ৰহণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে প্ৰথম পৰ্যায়ৰ এই পৰ্যালোচনা সভাৰ পাছতে দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যালোচনা গুৱাহাটীত 22 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াৰ পাছত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় পৰ্যায়ৰ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত নতুন দিল্লীত অনুষ্ঠিত হ'ব বুলি সভাই জানিবলৈ দিয়ে ৷