তেজপুৰ, ২ ডিচেম্বৰ:তেজপুৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰে(Youth held for raping minor in Tezpur) ৷ কিশোৰীগৰাকী টিউচনৰ পৰা ঘৰলৈ উভতি অহা সময়তে অন্ধকাৰৰ সুযোগ লৈ নাবালক ছাত্ৰ দুজনে এই অপকৰ্ম সংঘটিত কৰাৰ চেষ্টা চলাইছিল ৷ কিন্তু সুবিধা বুজি কিশোৰীগৰাকীয়ে কোনোমতে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২৯ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৭-৩০বজাত সংঘটিত হৈছিল এই ঘটনা ৷ কিন্তু এই ঘটনা পোহৰলৈ আহে বৃহস্পতিবাৰেহে ৷ তেজপুৰৰ মাজগাঁৱৰ এক আৱাসিক অঞ্চলৰ বাসিন্দা কিশোৰীগৰাকীয়ে বৃহস্পতিবাৰৰ বিয়লি এগৰাকী সহপাঠীৰ আগত সমগ্ৰ ঘটনা প্ৰকাশ কৰে ৷ কিশোৰীগৰাকী এই ঘটনাত ইমানেই আতংকিত হৈ পৰিছিল যে তেওঁ নিজৰ ঘৰতো থাকিবলৈ ভয় কৰা হৈছিল ৷
কিশোৰীগৰাকীৰ বান্ধৱীয়ে এই বিষয়ে জানিব পাৰি পাছত নিৰ্যাতিতা কিশোৰীগৰাকীৰ অভিভাৱকক সমগ্ৰ ঘটনাৰ বিষয়ে সদৰী কৰে ৷ পৰিয়ালৰ লোকে লগে লগে স্থানীয় মহাভৈৰৱ আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে আজি পুনৰ তেজপুৰ সদৰ থানাত অৱগত কৰাত আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷