তেজপুৰ, ৩১ অক্টোবৰ:আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দুই শীৰ্ষ আৰক্ষী বিষয়াই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ এক খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷ দুই শীৰ্ষ আৰক্ষী বিষয়া ক্ৰমে অসম-মেঘালয় কেডাৰৰ আনন্দ মিশ্ৰ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া আনন্দ প্ৰকাশ তিৱাৰী । এই বিষয়ে তাৎক্ষণিকভাৱে জানিবলৈ ETV Bharatৰ পৰা শীৰ্ষ আৰক্ষী বিষয়া আনন্দ প্ৰকাশ তিৱাৰীক টেলিফোনযোগে যোগাযোগ কৰাত তেওঁ ৰাজনীতিৰ পথাৰত নমাৰ কথা একেবাৰেই নস্যাৎ কৰে । এই তথ্য সম্পূৰ্ণ অযুক্তিকৰ বুলি জানিবলৈ দিয়ে তিৱাৰীয়ে ।
ভাৰতীয় আৰক্ষী সেৱাৰ ২০০৪ বেটছৰ অসম-মেঘালয় কেডাৰৰ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীৰ জন্ম হৈছিল ১৯৭৫ চনত উত্তৰ প্ৰদেশৰ দেওৰাত । ২০২১ বৰ্ষত তেওঁ অসমৰ পৰা উত্তৰ প্ৰদেশৰ কানপুৰলৈ ডেপুটেচনত যায় আৰু বৰ্তমান তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ আৰক্ষী মহাপৰিদৰ্শকৰ দায়িত্বত কৰ্তব্যৰত । আনন্দ প্ৰকাশ তিৱাৰীয়ে উত্তৰ প্ৰদেশৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে ভিআৰএছৰ বাবে আবেদন কৰিছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে ।