অসম

assam

By

Published : Dec 7, 2019, 6:27 PM IST

ETV Bharat / state

তেজপুৰত ৰাইজৰ ৰোষত দুই গভাইত চোৰ

শুকুৰবাৰে অন্য দিনৰ দৰে চাৰিটা চোৰে এঘৰত সোমাই লুট-পাত কৰি থকা অৱস্থাতে ৰাইজে আটক কৰে দুজন চোৰক ৷ আনহাতে ব্যক্তিজনৰ ঘৰৰ আলমিৰা ভাঙি নগদ 35 হাজাৰ টকা লৈ লগৰ দুই চোৰক এৰি উধাও হয় অন্য দুজন চোৰ ৷

তেজপুৰ
চোৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা !

তেজপুৰ,৭ ডিচেম্বৰ:চোৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা ! শুকুৰবাৰে তেজপুৰটো সংঘটিত এনে এক কাণ্ড ৷ দিনদুপৰতে গৃহস্থৰ ঘৰত চুৰি কৰিবলৈ সোমাই ৰাইজৰ ৰোষত পৰিল দুটাকৈ চোৰ । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা তেজপুৰৰ লক্ষীধৰ শৰ্মা পথৰ সমীপৱৰ্তী অঞ্চলটোত ৰাইজক অতিষ্ঠ কৰি আহিছিল চাৰিটাকৈ চোৰে । সুবিধা পালেই অঞ্চলটোৰ বহু কেইটা পৰিয়ালত চোৰ কৰি টকা-গহণা লুটি ৰাইজৰ টোপনি হৰি আহিছিল চাৰি চোৰে ৷ সেয়ে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা চাৰিওতা চোৰক ধৰিবলৈ সাজু হৈছিল অঞ্চলবাসী ৷

চোৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা !

শুকুৰবাৰে অন্য দিনৰ দৰে চাৰিটা চোৰে এঘৰত সোমাই লুট-পাত কৰি থকা অৱস্থাতে ৰাইজে আটক কৰে দুজন চোৰক ৷ আনহাতে ব্যক্তিজনৰ ঘৰৰ আলমিৰা ভাঙি নগদ 35 হাজাৰ টকা লৈ লগৰ দুই চোৰক এৰি উধাও হয় অন্য দুজন চোৰ ৷ ৰাইজৰ হাতত ধৰা পৰা দুই চোৰ ক্ৰমে চান মিঞা আৰু দুলাল মিৰক ৰাইজে ঔ কিল দি আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক : NRC আৰু কেবৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন গঢ়ি তুলিব তৃণমূল কংগ্ৰেছে !

ABOUT THE AUTHOR

...view details