নিউজ ডেস্ক, ৩ জানুৱাৰী:মুম্বাই বিমানবন্দৰৰ পৰা আটক ডুমডুমাৰ পৰা নিখোঁজ হোৱা দুই কিশোৰ ৷ বুধবাৰে দুগৰাকীকৈ কিশোৰ ছাত্ৰৰ নিৰুদ্দেশৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল উজনিৰ তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলত ৷ অৱশেষত সুদূৰ মুম্বাইত সন্ধান পোৱা গ’ল দুই কিশোৰৰ ৷ ইতিমধ্যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে দুয়োকে ৷
উল্লেখ্য যে ডুমডুমা ডনবস্কো হাইস্কুলৰ নৱম শ্ৰেণীৰ দুজন ছাত্ৰ বুধবাৰে পুৱা স্কুললৈ অহাৰ পিচৰ পৰাই নিৰুদ্দিষ্ট হৈ থকা বুলি জানিব পৰা গৈছিল ৷ নিৰুদ্দিষ্ট ছাত্ৰ দুজনৰ এজন ডুমডুমা বেজবৰুৱা শৰণি নিউকলনীৰ নিবাসী মিন্টু মহন্ত আৰু শেৱালী মহন্তৰ একমাত্ৰ পুত্ৰ তথা ডুমডুমা ডনবোস্ক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান মহন্ত (প্ৰিঞ্চ) । আনজন ধলা আৰক্ষী থানা এলেকাৰ মুন্না ষ্ট'ৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী সন্তোষ কুমাৰ গুপ্তা আৰু ছৈখোৱা হিন্দী হাইস্কুলৰ শিক্ষয়িত্ৰী সুমন গুপ্তাৰ সন্তান শুভম গুপ্তা ।
দুয়োজন ছাত্ৰ বুধবাৰে বিদ্যালয়লৈ বুলি আহি পাচত বিদ্যালয়ৰ সমুখৰপৰা সন্ধানহীন হয় । জানিব পৰা মতে অভিজ্ঞানক মাকে নিতৌ অনা-নিয়া কৰে ৷ আন দিনাৰ দৰে আজিও পুত্ৰক মাকে বিদ্যালয়ৰ গেটৰ সন্মুখতে থৈ আহিছিল ৷ সেই সময়তে অভিজ্ঞানে লগৰীয়াজনৰ সৈতে কথা আছে বুলি কৈ মাকক পঠিয়াই দিয়ে । আনহাতে ধলাৰ শুভম গুপ্তা পুৱা গাড়ীৰে বিদ্যালয়লৈ আহে আৰু দুয়োজন স্কুলৰ সন্মুখতে লগ লাগে ।