তেজপুৰ, ২১ ডিচেম্বৰ: কলিয়াবৰ আৰু তেজপুৰ সংযোগী পথৰ কলীয়াভোমোৰা দলঙৰ ওচৰত পুনৰ দুৰ্ঘটনা (Accident near Kaliabhomora Bridge) । মঙলবাৰে পুৱা এখন ট্ৰাক আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোৰ ফলত আহত হয় AS-02 AF 4240 নম্বৰৰ KIA বাহনখনত থকা মাতৃ-পুত্ৰ (Two injured in Truck-car accident in Tezpur) । লগে লগে দুয়োজনকে তেজপুৰস্থিত মিছন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 KC 5326 । ১৯ ডিচেম্বৰৰ পিছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ আৰু তেজপুৰ সংযোগী পথত হোৱা এয়া দ্বিতীয়টো দুৰ্ঘটনা । এই চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ হৈ থকা বাবে পথটোত প্ৰায়ে এনে দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে । চৰকাৰ তথা জিলা প্ৰশাসনে পথ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া যেন তেনেই সীমিত ।
উল্লেখ্য যে, কলীয়াভোমোৰা দলঙৰ পোহৰৰ ব্যৱস্থাৰ লগতে আন কাৰিকৰী দিশৰ উন্নীতকৰণৰ বাবে এটা বিভাগেও দায়িত্ব গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ৩.০১৫ কিল’মিটাৰ দৈৰ্ঘৰ ঐতিহাসিক দলংখনত যোৱা ৭ বছৰ ধৰি বৈদ্যুতিক পোহৰৰ নাই কোনো ব্যৱস্থা ৷ বিভাগীয় কৰ্তৃপক্ষই বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে কৰ্তন কৰা হৈছে বিদ্যুৎ ।