তেজপুৰ, 5 জানুৱাৰী:তেজপুৰত দেওবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ তেজপুৰস্থিত কলীয়া ভোমোৰা দলং অতিক্ৰম কৰাৰ পিচতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনাত নিহত হয়, তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী অঞ্জলি ৰায় ৷
উল্লেখ্য যে, নিহত ছাত্ৰী গৰাকী আছিল এন,চি.চিৰ কেডেট ৷ আজি পুৱা চাইকেলেৰে কাজিৰঙালৈ গৈছিল এন.চি.চিৰ এটা দল ৷ ঘন কুঁৱলীৰ ফলত এখন বলেৰ' পিক আপ বাহনৰ খুন্দাত অঞ্জলী নিহত হোৱাৰ লগতে খুছবু ৰায় আৰু প্ৰিয়ংকা ৰায় নামৰ আন দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহত ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ লৈ যোৱা হয় চিকিৎসালয়লৈ ৷