তেজপুৰ, 27 এপ্ৰিল:শোণিতপুৰ জিলাৰ খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সোমবাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল তথা অনান্য সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নিয়ম অমান্য কৰা দুগৰাকী সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷
শোণিতপুৰৰ দুই সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ ৰুজু - অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ
শোণিতপুৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নিয়ম উলংঘা কৰা দুই সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ ৰুজু ৷ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত 16 মাইলৰ ভালুকপুং নিগম গাঁৱৰ সুলভ মূল্যৰ দোকানী ৰমেশ বসুমতাৰী আৰু ঢেকিয়াজুলী আৰক্ষী থানাৰ অন্তৰ্গত গেজেঙ্গাগুৰি গাঁৱৰ সুলভ মূল্যৰ দোকানী অনন্ত কলিতাৰ বিৰুদ্ধে অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰুজু কৰে এই গোচৰ ৷
উল্লেখ্য যে,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটি দলে চলোৱা অভিযানত প্ৰথমে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত 16 মাইলৰ ভালুকপুং নিগম গাঁৱৰ সুলভ মূল্যৰ দোকানী ৰমেশ বসুমতাৰীৰ পৰা 286 খন ৰেচন কাৰ্ড বাজেয়াপ্ত কৰে ৷ লগতে অসম ৰাজহুৱা বিতৰণ বিধি,1982 আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন,1955ৰ 7 নং দফা ভংগ কৰাৰ অপৰাধত চাৰিদুৱাৰ আৰক্ষী থানাত দোকানীজনৰ বিৰুদ্ধে 25 এপ্ৰিলত গোচৰ ৰুজু কৰে আৰু তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰে ৷
ইয়াৰোপৰি,ঢেকিয়াজুলী আৰক্ষী থানাৰ অন্তৰ্গত গেজেঙ্গাগুৰি গাঁৱৰ সুলভ মূল্যৰ দোকানী অনন্ত কলিতাৰ বিৰুদ্ধেও অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ভাৰতীয় দণ্ডবিধি আইনৰ 420, 406 নং দফাআৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন, 1955ৰ 7নং দফা ভংগ কৰাৰ অপৰাধত 25 এপ্ৰিল তাৰিখে ঢেকিয়াজুলী আৰক্ষী থানাত 281/20 নম্বৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰে । ইতিমধ্যে দোকানী অনন্ত কলিতাৰো অনুজ্ঞাপত্ৰ বাতিল কৰা হয় বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : বৰপেটালৈ বাছেৰে অনা হ'ল লক ডাউনত আবদ্ধ লোকসকলক