তেজপুৰ, 20 মে’ :অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বিগত কেইবাদিন ধৰি হৈ আছে ধাৰাষাৰ বৃষ্টিপাত (Heavy rainfall in north east) ৷ ফলত ভিন্ন অঞ্চল এতিয়া বুৰ গৈছে পানীত ৷ আনকি কিছু কিছু অঞ্চলত ভূমিস্খলনো হোৱা পৰিলক্ষিত হৈছে ৷
ইয়াৰ মাজতে শুকুৰবাৰে অৰুণাচলৰ চেঁচাত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা (Landslide in Arunachal)৷ এই ভূমিস্খলনৰ ফলত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অসমৰ দুগৰাকী সাংবাদিক আহত হয় ৷ তথ্য অনুসৰি, শুকুৰবাৰে তেজপুৰৰ সাংবাদিক এটা দল অৰুণাচলৰ নেচিফুত বাতৰি সংগ্ৰহৰ বাবে গৈছিল ৷