অসম

assam

By

Published : Jul 27, 2020, 1:38 PM IST

ETV Bharat / state

নামেৰীত চোৰাং কাঠৰ কুণ্ডাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

বন বিভাগৰ অসচেতনতাৰ সুযোগ লৈ শোনিতপুৰ জিলাখনত অব্যাহত আছে চোৰাং কাঠৰ বেপাৰ । জিলাখনৰ বনাঞ্চল সমূহত থকা বহু মুল্যবান গছ কাটি অসাধু চক্ৰই চোৰাং ভাৱে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে । গোপন সূত্ৰৰ পম খেদি এনে দুই চোৰাং সৰবৰাহকাৰীক বহু মুল্যবান কাঠৰ কুণ্ডা সহ আটক কৰিলে বন বিভাগে ।

Two illegal timber carriers have been arrested in Nameri by forest
নামেৰীত চোৰাং কাঠৰ কুণ্ডা জব্দৰ লগতে আটক দুই সৰবৰাহকাৰী

ৰঙাপৰা,২৭জুলাই : শোণিতপুৰ জিলাত বৰ্তমানেও অব্যাহত আছে চোৰাং কাঠৰ এখন বৃহৎ বজাৰ । জিলাখনৰ বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা বহু মূল্যবান গছ-গছনি কাটি বনাঞ্চল তহিলং কৰি আহিছে কাঠৰ চোৰাং ব্যৱসায়ী সকলে ।

অভিযোগ অনুসৰি অসম-অৰুণাচল সীমাৱৰ্তী এলেকাৰ পৰা প্ৰায়েই চোৰাং ভাৱে কাঠ সৰবৰাহ কৰি বন বিভাগৰ চকুৰ সন্মুখতে এখন ৰমৰমীয়া ব্যৱসায় চলাই আহিছে অসাধু চক্ৰই । অৱশ্যে ইয়াৰ মাজতে অবৈধ ভাৱে সৰবৰাহ কৰা চোৰাং কাঠৰ কুণ্ডাসহ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় শোনিতপৰ জিলাৰ বন বিভাগে ।

নামেৰীত চোৰাং কাঠৰ কুণ্ডা জব্দৰ লগতে আটক দুই সৰবৰাহকাৰী

উল্লেখ্য যে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ এটা নিয়মীয়া তহলদাৰী দলে এক গোপন সুত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা জীয়া ভৰলী নৈৰ মাজেৰে চোৰাং কাঠ লৈ গৈ থকা অৱস্থাত কাঠসহ দুজন চোৰাং সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰাং সৰবৰাহকাৰী দুজন তেজপুৰ পাঁচ মাইলৰ মানস আলি আৰু আৰচ আলি বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details