অসম

assam

ETV Bharat / state

মিছামাৰী আৰক্ষীৰ সফলতা: মটৰ চাইকেলসহ আটক বাইক চোৰ - car thieves arrested with motorcycles

গাড়ী চোৰৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান(Police against car thieves) । গাড়ী চোৰৰ বিৰুদ্ধে চলোৱা অভিযানত মিছামাৰী আৰক্ষীৰ বিশেষ সফলতা । দুখনকৈ মটৰ চাইকেলসহ আটক কৰে দুটাকৈ গভাইত বাইক চোৰক(Two car thieves arrested with motorcycles) ।

two thieves including two bikes arrested in rangapara
মিছামাৰী আৰক্ষীৰ বিশেষ সফলতা: চুৰি হোৱা দুখন মটৰচাইকেলসহ দুটা গভাইত চোৰক আটক

By

Published : May 13, 2022, 8:37 PM IST

ৰঙাপাৰা,১৩ মে':শোণিতপুৰৰ মিছামাৰীত ক্ৰমাৎ বৃদ্ধি পাইছে দুচকীয়া অথবা চাৰিচকীয়া বাহনৰ চুৰিৰ ঘটনা । গাড়ী চোৰৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন(Police against car thieves) । শুকুৰবাৰে দুখনকৈ চুৰি মটৰ চাইকেলসহ আৰক্ষীয়ে আটক কৰে দুটা গভাইত বাইক চোৰক(Two thieves arrested with motorcycles) ।

জানিব পৰা মতে, যোৱা ১২ মে'ৰ নিশা শোণিতপুৰ জিলাৰ মিছামাৰীৰ ২ নং ধানমৰা গাঁৱৰ এখন ঘৰৰ পৰা দুখনকৈ মটৰ চাইকেল চোৰে চুৰি কৰি নিছিল । এই চুৰি ঘটনাৰ পম খেদি চোৰৰ দলটোৰ দুটা গভাইত চোৰক নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

মিছামাৰী আৰক্ষীৰ বিশেষ সফলতা: চুৰি হোৱা দুখন মটৰচাইকেলসহ দুটা গভাইত চোৰক আটক

ঘটনাৰ বিৱৰণী অনুসৰি মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ধানমৰা গাঁৱৰ নিৱাসী নাছিৰ হুছেইনৰ পুত্ৰ আৰিফ ৰাজৰ AS12 AA 4853 নম্বৰৰ ৰয়েল এনফিল্ড আৰু AS12 N 4237 নম্বৰৰ পালচাৰ মটৰ চাইকেল দুখন নিশা ঘৰৰ বাৰান্দাত থোৱা অৱস্থাৰ পৰা চুৰি কৰি লৈ যায় । ইয়াৰ পিছতে মিছামাৰী থানাৰ উপ-পৰিদৰ্শক হাজিৰ আলি সৰকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি নিশা চোৰৰ দলটোৰ বিৰুদ্ধে চলাই এক অভিযান ।

নিশা চলোৱা এই অভিযানটোত প্ৰথমে মিছামাৰী দীঘলদল গাঁৱৰ নিৱাসী আব্দুল আলি ওৰফে টিংকুক নিজা বাসগৃহতে আটক কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে পাছত নিশা প্ৰায় ১:৩০ মান বজাত ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ভঙা শিঙৰিৰ নিৱাসী নাজিৰুল ইছলামক গৰুডুবাৰ পৰা আটক কৰে । দুয়োটা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গৰুডুবাৰ পৰা চুৰি হোৱা দুয়োখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, মটৰ চাইকেল চুৰিৰ এই ঘটনাটোৰ সৈতে আৰু দুজন লোক জড়িত থকাৰ কথা চোৰ দুটাই উল্লেখ কৰিছে আৰু মটৰ চাইকেল দুখন নিশাৰ ভাগতে ব্ৰহ্মপুত্ৰ পাৰ কৰি চৰ অঞ্চললৈ নিয়াৰ পৰিকল্পনা কৰিছিল দলটোৱে । উল্লেখ্য যে, দীঘলদলৰ টিংকু নামৰ চোৰটোক পূৰ্বেও গৰু চুৰিৰ অভিযোগত মিছামাৰী আৰক্ষীয়ে আটক কৰিছিল ।

লগতে পঢ়ক:কলগাছিয়াৰ ছনপুৰাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত এজন

ABOUT THE AUTHOR

...view details