বিশ্বনাথ,27 মেঃগহপুৰত বজ্ৰপাত পৰি মৃত্যু দুই যুৱকৰ । মঙলবাৰে সন্ধিয়া পথাৰলৈ ওলাই যোৱা পুৰুপবাৰী চাহ বাগিচাৰ ৬নম্বৰ লাইনৰ অৰ্জুন তপ্ন, আগষ্টু বৰাইকে পথাৰতে বজ্ৰপাত পৰাৰ ফলত থিতাতে মৃত্যুক সাৱতি লয় । আনহাতে, ঘটনাত ৰাজীৱ কিষাণ নামৰ আন এগৰাকী লোক আহত হয় ।
গহপুৰত বজ্ৰপাত পৰি দুজনৰ মৃত্যু - Gahpur thunder
গহপুৰত বজ্ৰপাত পৰি মৃত্যু দুই যুৱকৰ । মৃত যুৱক দুজন পুৰুপবাৰী চাহ বাগিচাৰ ৬নম্বৰ লাইনৰ অৰ্জুন তপ্ন, আগষ্টু বৰাইক ।
![গহপুৰত বজ্ৰপাত পৰি দুজনৰ মৃত্যু two boys died at Gahpur due to thunder](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7363616-thumbnail-3x2-g.jpg)
গহপুৰত বজ্ৰপাত পৰি দুজনৰ মৃত্যু
গহপুৰত বজ্ৰপাত পৰি মৃত্যু দুজনৰ
আনহাতে, মঙলবাৰে নিশাই অৰ্জুন তপ্নৰ মৃতদেহ গহপুৰ আৰক্ষী থানালৈ অনা হয় যদিও আগষ্টু বৰাইক নামৰ ১৬ বছৰীয়া যুৱকজনৰ মৃতদেহ বৰ্তমানলৈকে ঘৰতে ৰখা হৈছে । আনফালে বজ্ৰপাতত আহত হোৱা ৰাজীৱ কিষাণ চিকিৎসাৰ অন্তত বিপদমুক্ত বুলি জানিব দিছে চিকিৎসকে ।
Last Updated : May 27, 2020, 12:29 PM IST