অসম

assam

ETV Bharat / state

ভৱ গোস্বামীৰ দুখনকৈ গ্ৰন্থ উন্মোচন

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীৰ “হেঁপাহৰ কঠিয়া” নামৰ এখনি গ্ৰন্থ শনিবাৰে জামুগুৰিহাটৰ শ্ৰীশ্ৰীচেঁচাসত্ৰ নামঘৰত উন্মোচন কৰা হয় ৷

শ্ৰী শ্ৰী চেচাসত্ৰত উন্মোচন হ'ল ভৱ গোস্বামীৰ দুখনকৈ গ্ৰন্থ
শ্ৰী শ্ৰী চেচাসত্ৰত উন্মোচন হ'ল ভৱ গোস্বামীৰ দুখনকৈ গ্ৰন্থ

By

Published : Mar 7, 2021, 8:42 AM IST

চতিয়া,7 মাৰ্চ: চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ শ্ৰীশ্ৰীচেঁচাসত্ৰ নামঘৰত শনিবাৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীৰ “হেঁপাহৰ কঠিয়া” নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে গ্ৰন্থখন ৷ ভৱ গোস্বামীৰ ভাৱ, অনুভৱ, অভিজ্ঞতা আৰু চিন্তাৰ প্ৰকাশৰে প্ৰায় তিনিকুৰি লেখাৰ 'হেঁপাহৰ কঠীয়া' প্ৰবন্ধ সংকলনটিৰ ভূয়সী প্ৰশংসা কৰে ড৹ নগেন শইকীয়াই ৷

উল্লেখ্য যে, এই অনুষ্ঠানতে গোস্বামীৰ আন এখন গ্ৰন্থ 'মহাপুৰুষ শ্ৰী শ্ৰী গোপাল দেৱৰ চৰিত্ৰৰ পুনৰ প্ৰকাশ কৰা হয় ৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণকান্ত বৰুৱাই উন্মোচন কৰে গ্ৰন্থখন ৷ গ্ৰন্থ উন্মোচনী সভাখনত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ পাঠক, প্ৰধান শিক্ষক লীলা ভূঞা, চিকিৎসক তথা সাহিত্যিক ডাঃ হৰেণ শইকীয়াকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:বিলাসীপাৰাৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details