অসম

assam

By

Published : Jul 9, 2019, 8:22 PM IST

ETV Bharat / state

তেজপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুখনকৈ চুৰি বাইক

তেজপুৰ আৰক্ষীয়ে ঠেলামৰাৰ পৰা দুজন বাইক চোৰক আটক কৰি দুখন বাইক উদ্ধাৰ কৰে । বাইক চোৰদুজনক এই কাৰ্যত নেতৃত্ব দিছিল কুখ্যাত বাইক চোৰ ইক্ৰামূল হুছেইনে ৷

তেজপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুখনকৈ চুৰি বাইক

তেজপুৰ, 9 জুলাই : শোণিতপুৰ জিলাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ডঃ ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা বাইক চোৰ ৰাজা বসুমতাৰী আৰু প্ৰান্দন বসুমতাৰীক ৷ বাইক চোৰ দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 2 খন বাইক ৷ ৰাজা বসুমতাৰী আৰু প্ৰান্দন বসুমতাৰীয়ে ইক্ৰামূল হুছেইনৰ নিৰ্দেশ মতে 4 হাজাৰ টকাৰ বিনিময়ত চুৰি বাইক সমূহ কাৰ্বিআংলঙত বিক্ৰী কৰে । ইতিমধ্য়ে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুখ্যাত বাইক চোৰ ইক্ৰামূল হুছেইনক । আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কাৰ্যত জড়িত আছিল ইক্ৰামূল হুছেইন । আৰক্ষীৰ জেৰাত ইক্ৰামূল হুছেইন জানিবলৈ দিয়ে যে এই চুৰি গাড়ী সমূহ অসমৰ পৰা নি চোৰাংভাৱে বিক্ৰী কৰে নাগালেণ্ডৰ ডিমাপুৰত ৷

তেজপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুখনকৈ চুৰি বাইক

ABOUT THE AUTHOR

...view details