ৰঙাপৰা, 4 জানুৱাৰী :বালিপৰাৰ কমৰেড হেম বৰুৱা সোঁৱৰণী ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী(ম) ৰ শোণিতপুৰ জিলাৰ 23 সংখ্যক সন্মিলনখন অনুষ্ঠিত হয় (23rd General meeting of CPI M held in Sonitpur) ৷ এই সন্মিলনৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয় ৷ গজেন বৰাই সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে বাওঁপন্থী নেতা তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ (MLA Manoranjan Talukdar at Sonitpur) ৷
বালিপৰাত অনুষ্ঠিত হোৱা এই সন্মিলনৰ প্ৰাক মূহুৰ্তত ঠাইডোখৰ চিফুং, মাদল, তালৰ শব্দৰে মুখৰিত হৈ উঠে ৷ সন্মিলনস্থলীত ভালুকপুঙৰ পৰা অহা জিৰিজিৰি বড়ো কৃষ্টি হাংজা দলে বড়ো নৃত্য পৰিৱেশন কৰাৰ লগতে বিভিন্ন দলে নৃত্য পৰিৱেশন কৰে ।
ইয়াৰোপৰি এই সন্মিলনতে দলটোৰ শোণিতপুৰ জিলা সমিতিৰ নতুন কমিটি গঠন কৰা হয় ৷ সভাত ভাষণ প্ৰসংগত বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপিক কঠোৰ সমালোচনা কৰে ৷ বিজেপিৰ কাৰ্যকালত GDP ৰ পৰিমাণ হ্ৰাস হোৱাৰ প্ৰসংগ উল্লেখ কৰি সাধাৰণ মানুহৰ সমস্যা সমাধানৰ প্ৰসংগ উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷