তেজপুৰ, ২৪ অক্টোবৰ :১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত (1962 Indo China war) ২৩ অক্টোবৰত সাহসী বীৰ চুবেদাৰ যোগিন্দৰ সিঙে সাহসেৰে অনুপ্ৰৱেশকাৰী চীনা সেনাৰ সৈতে যুঁজি নিজৰ জীৱন আহুতি দিছিল (China war martyr Jogendar Singh) । যেতিয়া চীনা সেনাই তিনিটা পৰ্যায়ত প্ৰচণ্ড আক্ৰমণ চলাইছিল, তেতিয়া প্লাটুনৰ সেনাপতি যোগিন্দৰ সিঙে নিজৰ বাহিনীৰ কেইজনমান জোৱানৰ সৈতে সাহসেৰে যুঁজি ২০০ জনকৈ অনুপ্ৰৱেশকাৰী বাহিনীক ভাৰতৰ সীমাৰ পৰা আঁতৰাই পঠাইছিল ।
কিন্তু অৱশেষত যেতিয়া পৰিস্থিতি অসহ্যকৰ হৈ পৰে তেতিয়া যোগিন্দৰ সিং আৰু তেওঁৰ বাহিনীৰ জোৱানসকলে নেতৃত্বৰ কৰ্তব্যক গাফিলতি নকৰি মাতৃভূমিক সুৰক্ষিত কৰাত নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি চীনা বাহিনীৰ ওপৰত বেয়নেটৰ সৈতে আক্ৰমণ কৰিছিল এইগৰাকী দেশ প্ৰেমিক বীৰ, পৰমবীৰ চক্ৰ বিজেতা যোদ্ধাই ।
দেওবাৰে টাৱাং ব্ৰিগেডৰ ব্ৰিগেডিয়াৰ কমাণ্ডাৰ এন এম বেণ্ডিগেৰীৰ নেতৃত্বত বিষয়াসকলৰ লগতে টাৱাঙৰ আৰক্ষী অধীক্ষক বমগে কামডুক, ৰিঞ্চিন লেটা I/c ডিচি টাৱাং, জননেতা ছেটান চোম্বে, নামগেই ছাৰিং, ইয়াৰ সভাপতি ছাং ধোণ্ডুপৰ নেতৃত্বত জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মাৰণোত্তৰভাৱে পৰমবীৰ চক্ৰ লাভ কৰা যোগেন্দৰ সিঙক । যোগিন্দৰ সিং যুদ্ধ স্মৃতিসৌধত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হয় (Tribute to martyr Jogendar Singh) ।
উল্লেখ্য, চীন আৰু ভাৰতৰ মাজত ১৯৬২ চনৰ অক্টোবৰ-নৱেম্বৰত সংঘটিত হৈছিল এই যুদ্ধ (War between China and India) । এক বিতৰ্কিত হিমালয় সীমান্ত যুদ্ধৰ মুখ্য কাৰণ আছিল । ১৯৫৯ চনৰ তিব্বতীয় বিদ্ৰোহৰ পিছত দুয়োখন দেশৰ মাজত কেইবাটাও হিংসাত্মক সীমান্ত সংঘৰ্ষ হৈছিল । ভাৰতে দালাই লামাক (Dalai Lama) আশ্ৰয় প্ৰদান কৰাৰ বাবেই এই সংঘাতৰ সূত্ৰপাত হৈছিল ।
ভাৰতে 1960 চনৰ পৰা চীনা সামৰিক টহল আৰু সৰবৰাহত বাধা দিবলৈ এক প্ৰতিৰক্ষামূলক ফৰৱাৰ্ড নীতি আৰম্ভ কৰিছিল । কাৰণ 1959 চনত চীনা প্ৰধানমন্ত্ৰী ঝৌ এনলাইৰ (Chinese Premier Zhou Enlai) দ্বাৰা ঘোষণা কৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Line of Actual Control) পূব অংশ মেকমোহন লাইনৰ (McMahon Line) উত্তৰকে ধৰি সীমান্তত কেইবাটাও চকী স্থাপন কৰিছিল ।