অসম

assam

ETV Bharat / state

কলাগুৰুৰ সমাধিস্থলীত জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন - ৰূপকোঁৱৰৰ কৰ্মস্থলি

আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু তিথি ৷ সমগ্ৰ অসমৰ লগতে কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাই তেজপুৰ কলিবাৰীত ৰাভাৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰি পিতৃক স্মৰণ কৰে ৷

Tribute to bishnu prasad rabha
তেজপুৰত কলাগুৰুৰ সমাধিস্থলীত জ্যেষ্ঠ পুত্ৰ পৃথিৰাজ ৰাভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

By

Published : Jun 20, 2021, 10:39 AM IST

Updated : Jun 20, 2021, 2:21 PM IST

তেজপুৰ, ২০ জুন: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰতো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু দিৱস অনুষ্টুপিয়াকৈ পালন কৰা হয় । সমগ্ৰ অসমতে শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০ জুনৰ দিনটো 'ৰাভা দিৱস' হিচাপে পালন কৰা হয় । ৰাভাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাই পিতৃক সোঁৱৰণ কৰে ৷ ৰেড জ’নৰ মাজতে তেজপুৰ কলিবাৰীত ৰাভাৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰি কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই পিতৃক স্মৰণ কৰে ৷

শিল্পী মনোজ নাথৰ গীতৰ সুৰৰে আৰু জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে সুঁৱৰিলে সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসেও পৃথ্বিৰাজ ৰাভাৰ লগত কলাগুৰুৰ সমাধিস্থলীত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ লগতে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তেজপুৰৰ অন্যান্য লোকসকলে কলিবাৰীত কলাগুৰুৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

কলাগুৰুৰ সমাধিস্থলীত জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

উল্লেখ্য যে, এইবাৰ ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ মাজতো সকলোৱে সৈনিক শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে । বছৰ বছৰ ধৰি উপেক্ষিত কলাগুৰুৰ সংগ্ৰহালয় আজিও নিৰ্মাণ নোহোৱাৰ বাবে জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাই এইবাৰ চৰকাৰৰ ভিতৰত থাকি আধৰুৱা কাম সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

কলাগুৰুৰ সমাধিস্থলীত জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আনহাতে, তেজপুৰ সাহিত্য সভাই এক কাৰ্যসূচীৰ জৰিয়তে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ কৰে । এই স্মৃতিচাৰণ অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি, সম্পাদক আৰু সাংস্কৃতিক কৰ্মীসকলো উপস্থিত থাকে । আনহাতে তেজপুৰ চহৰৰ মাজ মজিয়াত থকা ৰূপকোঁৱৰৰ কৰ্মস্থলী পকিতো কলাগুৰুৰ মৃত্যু তিথিত তেখেতক স্মৰণ কৰা হয় । উল্লেখ্য যে, কলাগুৰুৰ বহু আপুৰুগীয়া সম্পত্তি এই পকিতে সংৰক্ষণ কৰি ৰখা হৈছে ।

লগতে পঢ়ক : জৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী

Last Updated : Jun 20, 2021, 2:21 PM IST

ABOUT THE AUTHOR

...view details