অসম

assam

By

Published : Nov 5, 2020, 2:26 PM IST

ETV Bharat / state

তেজপুৰত সুধাকণ্ঠক স্মৰণ বিভিন্ন সংগঠনৰ

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম মৃত্য়ু দিৱস ৷ তেজপুৰ সাহিত্য সভা আৰু আঞ্চলিক ছাত্ৰ সন্থাই মৃত্যু দিৱসত সুঁৱৰিলে সুধাকণ্ঠগৰাকীক ৷

Tribute to bhupen hazarika in his death anniversary tezpur assam etv bharat news
সুধাকণ্ঠক স্মৰণ

তেজপুৰ,5 নৱেম্বৰ:ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে পালন কৰা হৈছে ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ কায়িক অৱৰ্তমানত নৱম সংখ্যক মৃত্যু দিৱস পালন কৰে বিভিন্ন দল-সংগঠনে ৷ তেজপুৰতো সাহিত্য সভা আৰু আঞ্চলিক ছাত্ৰ সন্থাই যুটীয়াভাৱে সুধাকণ্ঠৰ মৃত্যু দিৱস পালন কৰে ৷ এই অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজম্মৰ শিল্পীসকলে গীত-নৃত্য প্ৰদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীগৰাকীক ৷ তেজপুৰ সাহিত্য সভাই চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

সুধাকণ্ঠক স্মৰণ

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী, বিশিষ্ট লেখক-নাট্যকাৰ ফণী শৰ্মা বঁটাপ্ৰাপক ঐশ্বৰ্য কাকতি, আন্তঃৰাষ্ট্ৰীয় স্থিৰ চিত্ৰশিল্পী নলিনী বৰুৱা, অভিনেতা অৰুণ নাথ, অভিনেত্ৰী কৃষ্ণা দাস নাথ, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আদি ৷ উক্ত অনুষ্ঠানতে সাহিত্য সভাই তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰে ৷ তেজপুৰৰ দ-পৰ্বতীয়াৰ গুৰুত্ব, ভিন্ন ৰচনাৱলী আৰু বাটৰ নাটৰ কথা শীৰ্ষক গ্ৰন্থ কেইখন উন্মোচন কৰা হয় অনুষ্ঠানত ৷ আনহাতে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই কলা ভূমিত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত বিধায়ক বৃন্দাবন গোস্বামী

লগতে চাওকঃবানবিধ্বস্ত বিনপতি গাঁৱৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details