তেজপুৰ, ১২ মে’:হিংসাজৰ্জৰ মণিপুৰলৈ যোৱা ৫ মে'ৰ পৰা যাত্ৰীবাহী আৰু মালবাহী ৰে'লৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে (NFR cancels Manipur bound trains)। যোৱা ৫ মে'ত উত্তৰ-পূব সীমান্ত ৰে'লৱেই বিশেষ জাননীৰ জৰিয়তে ৪ খনকৈ ৰে'লৰ সেৱা বাতিল কৰিছিল । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ পৰা জানিব পৰা মতে শুকুৰবাৰৰ পৰা মণিপুৰৰ গৃহ সচিবৰ নিৰ্দেশ মৰ্মে আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে পুনৰ চাৰিওখন যাত্ৰীবাহী ৰে'লৰ যাত্ৰা বন্ধ ৰাখিছে ।
মণিপুৰৰ বিভিন্ন ৰে'ল ষ্টেছন লৈ যোৱা এই ৰে'লসমূহ হৈছে ১২০৯৭ আগৰতলা-কাঞ্চলজংঘা জনশতাব্দী ৰে'ল, ১২০৯৮ অৰুণাচল-কাঞ্চনজংঘা, ০৫৬৫৯ শিলচৰ যাত্ৰীবাহী ৰে'ল আৰু ০৫৬৬০ ভাংগাইচুংপাও-শিলচৰ যাত্ৰীবাহী ৰে'ল (Train service stopped in Manipur)। মণিপুৰলৈ ৰে'ল কেইখনৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰা হৈছে । আনহাতে, এই ৰে'লসেৱা শ্ৰীৰামপুৰ, জলপাইগুৰিৰ পৰা অসম হৈ মণিপুৰলৈ দৈনিক চলাচল কৰে যদিও বৰ্তমান এই ৰে'লসমূহ অসমত ৰাখোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।
মণিপুৰত সান্ধ্য আইন অব্যাহত আছে (Manipur crisis)। স্থানীয় লোকৰ মতে বৰ্তমানলৈ পূৰ্বৰ স্বাভাৱিক অৱস্থা সম্পূৰ্ণৰূপে ঘূৰি অহা নাই । আনহাতে মণিপুৰৰ ইম্ফল ইষ্ট জিলাত নতুন হিংসাৰ সৃষ্টি হৈছে ।