ৰঙাপৰা, 18 ফেব্ৰুৱাৰী :শোণিতপুৰ জিলাৰ ৰেল নগৰীখ্যাত ৰঙাপৰাত শুকুৰবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা(Train accident in Rangapara) । ৪২ টা মালবাহী ডবাৰ সংযুক্ত ৰেলখনৰ ১৬ টাকৈ ডবা লাইনচ্যুত হৈ ৰেল ট্ৰেকৰ পৰা আঁতৰি যায় । পুৱা প্ৰায় ৭ বজাত ৰঙাপৰা ৰেলৱে জংচনৰ পৰা ৪২ টা ডবাত চিমেণ্টত লৈ ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ অভিমুখে ৰেলখন গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
মালবাহী ৰেলখনৰ চালক আছিল উত্তম বসুমতাৰী, সহকাৰী চালক আদিত্য ভাৰতী আৰু গাৰ্ড অনুৰাজ কুমাৰ । মালবাহী ৰেলখন গৈ থকাৰ অৱস্থাত হঠাৎ ৰঙাপৰা হৰিসভা মন্দিৰৰ সমীপত ৰেলপথৰ পৰা চকাবোৰ নামি গৈ পকীৰে নিৰ্মিত চিলপাটৰ ওপৰেদি চলিবলৈ ধৰে । ১৬ টাকৈ দবাৰ এনেদৰে লাইনচ্যুত হোৱাৰ ফলত প্ৰথমতে ভুমিকম্পৰ দৰে কঁপনিৰ সৃষ্টি হোৱাৰ লগতে বিকট শব্দ কৰি ৰেল লাইনবোৰ টুকুৰা টুকুৰ হৈ পৰিছিল ।