চতিয়া,২৬ জানুৱাৰী:অসমৰ পৰ্য্যটন মানচিত্ৰত পানপুৰ ঘাট তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলে স্থান লাভ কৰা পিচতে শেহতীয়াকৈ পৰ্য্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পানপুৰঘাট ৷ পানপুৰ ঘাটৰ সৌন্দৰ্য্য উপভোগ কৰিবৰ বাবে দূৰ দূৰণিৰ পৰা অহা বনভোজৰ দলে ভিৰ কৰা পৰিলক্ষিত হয় ৷
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু পানপুৰ বনাঞ্চল - পৰ্যটক
পানপুৰ ঘাট তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলে স্থান লাভ কৰা পিচতে শেহতীয়াকৈ পৰ্য্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পানপুৰঘাট ৷ পানপুৰ ঘাটৰ সৌন্দৰ্য্য উপভোগ কৰিবৰ বাবে দূৰ দূৰণিৰ পৰা অহা বনভোজৰ দলে ভিৰ কৰা পৰিলক্ষিত হয় ৷
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু পানপুৰ বনাঞ্চল
গণৰাজ্য দিৱসৰ দিনটোতো পূৰ্ৱে নিৰৱ আৰু নিস্তব্ধ হৈ থকা এই পানপুৰঘাটত এইবেলি অৰ্ধশতাধিক বনভোজপ্ৰেমী দলে আনন্দ উল্লাসেৰে দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ’য় ৷ কণ কণ শিশুৰপৰা বয়োজেষ্ঠ লোকৰ লৈকে নাচি-বাগি আনন্দৰে এসাঁজ খোৱাৰ আয়োজন কৰা দেখা যায় ৷
লগতে পঢ়ক: শীৰ্ষ স্থলসেনা বিষয়া লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ ইউৱাইএছএম সন্মান