তেজপুৰ, ১৪ ডিচেম্বৰ :বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন সাপেক্ষে ভাৰত চৰকাৰে অসমত আৰম্ভ কৰিছে টিটেনাচ প্লাচ টীকাকৰণ অভিযান ৷ ১০ বছৰৰ শিশুৰ পৰা ১৬ বছৰলৈকে আৰু গৰ্ভৱতী মহিলাক আগতে প্ৰদান কৰি থকা TT অৰ্থাৎ টিটেনাচ টক্সিড টীকাৰ পৰিৱৰ্তে TD অৰ্থাৎ টিটেনাচৰ লগত সংযোজন কৰা ডিপথেৰিয়াৰ টীকাকৰণ ২০১৮ চনৰ আগষ্ট মাহৰ পৰা কাৰ্যকৰী কৰণ কৰিছে যদিও তাৰ পাচৰ বছৰৰ পৰাহে অসমত প্ৰদান কৰা হৈছে ৷
অসমত ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা নিয়মীয়া টীকাকৰণ আঁচনিত এই টীকা প্ৰদান কৰি অহা হৈছে যদিও ১৪ ডিচেম্বৰৰ পৰা পুনৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আৰম্ভ হৈছে টিটেনাচ প্লাছ টীকাকৰণ অভিযান ৷