তেজপুৰ,17 জুলাই: বিগত 15 জুলাইত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ পৰা ওলাই অহা এজনী বাঘিনীয়ে আশ্ৰয় লৈছিল উদ্যানখনৰ সমীপৰ এঘৰত ৷ বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ উদ্যানখনৰ বন্যপ্ৰাণীসমূহ সম্প্ৰতি যেনি তেনি ওলাই অহা দেখা গৈছে ৷ উক্ত বাঘিনীজনীক বন বিভাগৰ তৎপৰতাত ট্ৰেংকুলাইজ কৰি আবদ্ধ কৰা হৈছিল পিঞ্জৰাত ৷ বন বিভাগে যাৱতীয় চিকিৎসাৰ অন্তত পুনৰ বাঘিনীজনীক শুকুৰবাৰে মুকলি কৰি দিয়ে উদ্যানখনত ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা - পি শিৱ কুমাৰ
বানৰ কবলত দিশহাৰা হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্র প্ৰকল্পৰ এজনী বাঘিনীয়ে আশ্ৰয় লৈছিল এঘৰ মানুহৰ ঘৰত ৷ বন বিভাগে ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা বাঘিনীজনী পুনৰ শুকুৰবাৰে মুকলি কৰি দিয়ে উদ্যানখনত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে এই প্ৰসংগত জনাই যে,বন বিভাগৰ লোকে উদ্যানখনৰ পাণবাৰীস্থিত সুৰক্ষা কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি বাঘিনীজনী সুস্থ হোৱাৰ পিছত পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দুবছৰীয়া বাঘিনীজনীক বন বিভাগৰ লোকে চিকিৎসকৰ উপস্থিতিত উদ্যানৰ ভিতৰত মুকলি কৰে ৷
লগতে চাওকঃশোণিতপুৰত 504 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা