অসম

assam

ETV Bharat / state

Forest Village in Sonitpur : ভুৱা নথি-পত্ৰৰে ঢেঁকীয়াজুলিৰ তিনিখন গাঁও বনগাঁৱৰ অন্তৰ্ভুক্ত কৰাৰ অভিযোগ - তথ্য জনাৰ অধিকাৰ আইন

কেৱল ভোটবেংকৰ স্বাৰ্থত মন্ত্ৰী অশোক সিংঘালে শোণিতপুৰ জিলাৰ তিনিখন গাঁও বনগাঁৱৰ অন্তৰ্ভুক্ত কৰিলে (Forest Village in Sonitpur)৷ বন বিভাগৰ নীতি অমান্য কৰি গাঁও তিনিখন বনগাঁও হিচাবে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ল ভুৱা নথি-পত্ৰ ৷ আৰ টি আই কৰ্মী দিলীপ নাথে উত্থাপন কৰিছে এই অভিযোগ ৷

BTR village in Sonitpur
তিনিখন গাঁৱৰ ভুৱা নথি-পত্ৰ প্ৰদান কৰি বি টি আৰৰ অন্তৰ্ভুক্ত

By

Published : Jan 30, 2023, 6:05 PM IST

আৰ টি আই কৰ্মী দিলীপ নাথ

তেজপুৰ, ৩০ জানুৱাৰী : চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ঢেঁকীয়াজুলি ৰেঞ্জৰ অধীনত তিনিখন গাঁৱৰ ভুৱা নথি-পত্ৰ প্ৰদান কৰি বি টি আৰৰ অন্তৰ্ভুক্ত কৰা হ’ল ৷ এই তথ্য দাঙি ধৰিছে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ (RTI activist Dilip Nath) ৷ তথ্য জনাৰ অধিকাৰ আইনৰ (Right to Information Act) অধীনত এই সন্দৰ্ভত নাথে জানিব পাৰে যে চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ তিনিখন বনগাঁৱৰ (Forest Village) নথি-পত্ৰ জালিয়াতি কৰি বনগাঁও হিচাবে স্বীকৃতি প্ৰদান কৰি সদ্যঘোষিত বি টি আৰত অন্তৰ্ভুক্ত কৰিলে (BTR village in Sonitpur)৷

গাঁও তিনিখন ঢেঁকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ জলসিঞ্চন আৰু নগৰ উন্নয়ণ দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal) বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, বন আইন অনুসৰি বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁওসমূহক বন বিভাগে নীতি-নিয়মৰ আধাৰত স্বীকৃতি প্ৰদান কৰে আৰু একোজন ব্যক্তিক ১২ বিঘাকৈ ভূমি আৱন্টন দি বছৰি ৰাজহ আদায় কৰে ৷

ঠিক তেনেদৰে শোণিতপুৰ জিলাত অনুজ্ঞাপত্ৰ থকা ১৪ খন বনগাঁও থকা স্বত্বেও তিনিখন অতিৰিক্ত গাঁও ভুৱা নথি-পত্ৰৰে এই বন গাঁৱৰ অন্তৰ্ভুক্ত কৰি বি টি আৰত নতুনকৈ সংযোজন কৰে বুলি মন্তব্য কৰে দিলীপ নাথ ৷ নাথে কয় যে, মন্ত্ৰী অশোক সিংঘালে কেৱল ভোটবেংকৰ স্বাৰ্থতে বন বিভাগৰ নীতিবহিৰ্ভূতভাৱে গাঁও তিনিখন বনগাঁৱৰ অন্তৰ্ভুক্ত কৰিছে ৷

উল্লেখযোগ্য যে, অসমত মুঠ ৫৫০ খন স্বীকৃতিপ্ৰাপ্ত বনগাঁও আৰু শোণিতপুৰত ১৪ খন বনগাঁও আছে (Forest Village in Sonitpur)৷ গণৰাজ্য দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ঘোষণা কৰে যে, শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিলৈকে কেইবাখনো গাঁও পূৰ্বৰ বি টি আৰ চুক্তিৰ অন্তৰ্গত কৰা হৈছে ৷

বড়ো টেৰিটৰিয়েল ৰিজিঅ’নেল কাউঞ্চিলৰ অধীনত শোণিতপুৰ জিলাৰ ঢেঁকীয়াজুলিৰ পৰা গহপুৰলৈকে নিৰ্ধাৰিত ১০০ শতাংশ বড়ো লোকৰ বসতি গাঁও এই চুক্তিৰ আধাৰত সন্নিবিষ্ট কৰা হৈছে । শোণিতপুৰ জিলাৰ উত্তৰ পাৰত বাস কৰা এই বড়ো অধ্যুষিত অঞ্চলত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত এই বিষয় লৈ দাবী উত্থাপন কৰি আহিছিল ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, ঢেঁকীয়াজুলি, চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিস্তৃত বড়ো অধ্যুষিত গাঁও এই চুক্তিৰ আধাৰলৈ অনা হ’ব ৷ মুঠ 43 খন ৰাজহ গাঁও আৰু 17 খন বনগাঁও এই চুক্তিৰ আধাৰত সন্নিবিষ্ট কৰা হৈছে ২০২০ চনৰ বড়ো চুক্তিৰ সংশোধিত (Bodo Accord 2020) আধাৰত ৷

লগতে পঢ়ক :Bhabesh Kalita criticized AAMSU: আমছুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details